তামুলপুৰত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি
তামুলপুৰ, ১১ জানুৱাৰী (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চল সমূহত জীয়ৰী বোৱাৰীয়ে ভোগালী
তামুলপুৰত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি


তামুলপুৰ, ১১ জানুৱাৰী (হি.স.)। ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চল সমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। উৰুকালৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত গ্রামাঞ্চলত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। তামুলপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ প্ৰাঙ্গনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দ্বিতীয় প্ৰাক ভোগালী উৎসৱ।

তামুলপুৰ জিলা সাংস্কৃতিক মঞ্চৰ উদ্যোগত,বৃহত্তৰ তামুলপুৰ ৰাইজ আৰু ইভল্ভ জিএম ৰ সহযোগত অনুষ্ঠিত এই প্ৰাক ভোগালী উৎসৱ। উদযাপন সমিতিৰ সভাপতি দেৱজিৎ ৰাজবংশীয় প্ৰাক ভোগালী বিহুৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া,প্ৰাক্তন এম.চি.এল হেমন্ত কুমাৰ ৰাভা, বিটিচিৰ মনোনিত এম.চি.এল এ হেমপ্ৰভা দেৱীৰ লগতে কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। গীতে মাতে জীপাল হৈ পৰে শীতৰ সন্ধিয়া।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande