এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কেইবাজনো নেতাৰ কংগ্ৰেছ দলত যোগদান
গুৱাহাটী, ১১ জানুৱাৰী (হি.স.)। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে কেইবাজনো নেতাই। গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এই অনুষ্ঠানত কংগ্ৰেছ দলত বিভিন্ন সংগঠ
লোকসভাৰ সাংসদ গৌৰৱ গগৈ


গুৱাহাটী, ১১ জানুৱাৰী (হি.স.)। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে কেইবাজনো নেতাই। গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এই অনুষ্ঠানত কংগ্ৰেছ দলত বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলৰ নেতাক আদৰণি জনোৱা হয়।

অনুষ্ঠানৰ সময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু সংগঠনটোৰ কেইবাগৰাকীও প্ৰাক্তন উপ-সভাপতি কংগ্ৰেছ দলত যোগদান কৰে। দীৰ্ঘদিনীয়া মিছিং সম্প্ৰদায়ৰ নেতা তথা এম এম কেৰ প্ৰাক্তন সভাপতি ৰূপ কুমাৰ মেধিয়েও কংগ্ৰেছ দলত যোগদান কৰে। বিজেপিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য মনোজ কুমাৰ মহন্ত, চিলা বসুমতাৰী, অৰুণ বসুমতাৰী, মৃণময় কলিতা, অলকেশ মেধিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়েও আনুষ্ঠানিকভাৱে দলত যোগদান কৰে।

যোগদান অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ চৌহানকে ধৰি কেইবাগৰাকীও ৰাজ্যিক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে। দলৰ নেতৃত্বই ইয়াক সংগঠনটোক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande