বৰপেটাৰোড ৰেলৱে ষ্টেচনত কেবাখনো ৰে'ল ৰখোৱাৰ দাবীত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট
বৰপেটাৰোড ৰেলৱে ষ্টেচনত কেবাখনো ট্ৰেইন ৰখাৰ দাবীত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ অৱস্থান ধৰ্মঘট।
বৰপেটাৰোড ৰেলৱে ষ্টেচনত কেবাখনো ৰে'ল ৰখোৱাৰ দাবীত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট


বৰপেটা, ১১ জানুৱাৰী (হি.স.): বৰপেটাৰোড ৰেলৱ ষ্টেচনত চৌহদত যোৱা কালি শনিবাৰে বিয়লি বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান অৱস্থান ধৰ্মঘট পালন কৰি কেবাটাও দাবী উত্থাপন কৰে। ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছ, নিউ জলপাইগুৰি গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ, কামাখ্যা এচএমটী বেংগুলৰু এচি এক্সপ্ৰেছ, আনন্দ বিহাৰ নহৰলগুন এচি এক্সপ্ৰেছ, কামাখ্যা হাওৰা বন্দে ভাৰত ছিল্লিপাৰ, শিলঘাট টাউন-টামবাৰাম নগাওঁ এক্সপ্ৰেছ, গুৱাহাটী জাম্বু টাৱাই লহিট এক্সপ্ৰেছ, নিউ টিনুচুকিয়া অমৰিটচাৰ এক্সপ্ৰেছ, ডিব্ৰুগড় চন্দিগড় এক্সপ্ৰেছ আৰু আগৰতলা দেউঘৰ সাপ্তাহিক এক্সপ্ৰেছ ৰখাৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে। বৰপেটাৰোড ৰেলৱে বিভাগক স্মাৰক পত্ৰ জৰিয়তে দাবী সমূহ প্ৰদান কৰে। দাবী সমূহ অনতিপলমে সম্পূৰ্ণ নকৰিলে ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande