মাজুলীৰ গাঁৱে ভূঁঞে ব্যাপক ভোগালী বিহুৰ আয়োজন
মাজুলীৰ গাঁৱে ভূঁঞে এতিয়া সকলোতে ব্যাপক ভোগালী বিহুৰ আয়োজন।
মাজুলীৰ গাঁৱে ভূঁঞে ব্যাপক ভোগালী বিহুৰ আয়োজন


মাজুলী, ১১ জানুৱাৰী (হি.স.): অসমীয়াৰ হেপাঁহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।অসমৰ প্ৰান্তে প্ৰান্তে, গাঁৱে ভূঁঞে এতিয়া সকলো ব্যস্ত হৈ পৰিছে ভোগালী বিহুৰ আয়োজন কৰাত। ইয়াৰ ব্যতিক্ৰম হোৱা নাই মাজুলীও।

মাজুলীৰ গাঁৱে ভূঁঞে এতিয়া সকলোতে ব্যাপক ভোগালী বিহুৰ আয়োজন কৰা হৈছে। উজনি মাজুলীৰ বৰবিল গাঁওবাসীয়ে এইবাৰ সমূহীয়াকৈ আয়োজন কৰিছে ভোগালী বিহু।

সেয়ে গাঁৱখনৰ মহিলাসকলে একগোটো হৈ বিভিন্ন ধৰণৰ পিঠা পনাৰ লগতে খাদ্য সম্ভাৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande