
গোলাঘাট, ১১ জানুৱাৰী (হি.স.): মাঘ বিহুলৈ মাজত মাথোঁ এটা দিন। সমগ্ৰ ৰাজ্যতে তুংগত উঠিছে মাঘ বিহুৰ প্ৰস্তুতি । সমান্তৰালকৈ দেৰগাঁও গৰীয়া চাপৰিটো মাঘ বিহু উদযাপনৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে।
গৰীয়া চাপৰিৰ কণ কণ শিশু সকলে জুবিন গাৰ্গ ড্ৰীম ক্লাব ৰ অধীনত জুবিন গাৰ্গ ৰ স্মৃতিত পালন কৰিব মাঘ বিহু। সুন্দৰকৈ সজাই তুলিছে এটা ভেলাঘৰ। লগতে সজাই তুলিছে জুবিন গাৰ্গ স্থলী আৰ্হিত সমাধি ক্ষেত্ৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি এতিয়াও যেন সেউজ হৈ আছে কণ কণ শিশুবোৰৰ অন্তৰত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ