
দৰং, ১১ জানুৱাৰী (হি.স.): ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। দলগাঁৱৰ ঢেকেৰীগাঁৱত ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰিছে।
ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। অসমৰ প্ৰান্তে-প্ৰান্তে দেখা পোৱা গৈছে উৎসৱৰ উন্মাদনা আৰু সীমাহীন ব্যস্ততা। তাৰ সমান্তৰালকৈ অসমৰ প্ৰতিখন গাঁৱতেই ডেকা সকলে লগ লাগি মেজি সজাৰ কামত ব্যস্ত হৈ পৰে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে দলগাঁৱৰ ঢেকেৰীগাঁৱত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ভোগালী বিহুৰ সময়ত সাজি উলিয়াইছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ