মালিগাঁওত ৭০ তম জোনেল ৰেলৱে সপ্তাহৰ বঁটা প্ৰদান সমাৰোহৰ আয়োজন
গুৱাহাটী, ১১ জানুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৭০ তম জোনেল ৰেলৱে সপ্তাহৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠান ১০ জানুৱাৰী, ২০২৬ তাৰিখে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ ৱাস্তৱৰ উপস্থিতিত মালিগাঁওস্থিত ৰং ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
মালিগাঁওত ৭০ তম জোনেল ৰেলৱে সপ্তাহৰ বঁটা প্ৰদান সমাৰোহৰ আয়োজন


গুৱাহাটী, ১১ জানুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৭০ তম জোনেল ৰেলৱে সপ্তাহৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠান ১০ জানুৱাৰী, ২০২৬ তাৰিখে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ ৱাস্তৱৰ উপস্থিতিত মালিগাঁওস্থিত ৰং ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

অনুষ্ঠানত মুখ্য কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰধান মুখ্য বিষয়াবৰ্গ আৰু অন্যান্য উচ্চপদস্থ বিষয়াবৰ্গও উপস্থিত থাকি বঁটা প্ৰাপ্তসকলক তেওঁলোকৰ সমৰ্পন আৰু নিজ নিজ ক্ষেত্ৰত ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ পাঁচটা মণ্ডল আৰু মুখ্য কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ অসাধাৰণ সেৱা, পেছাগত উৎকৰ্ষতা আৰু দক্ষতা, সুৰক্ষা আৰু যাত্ৰী সেৱা উন্নত কৰাৰ দিশত গুৰুত্বপূৰ্ণ অৱদানৰ স্বীকৃতি স্বৰূপে বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ (ভিআৰএছপি), ২০২৫ প্ৰদান কৰা হয়। মুঠ ৪৯ জন বঁটা প্ৰাপকক বিভিন্ন কাৰ্মক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু ব্যতিক্ৰমী কৰ্ম প্ৰদৰ্শনৰ বাবে সন্মানিত কৰা হয়।

বঁটা প্ৰাপকসকলৰ ভিতৰত সাধাৰণ প্ৰশাসন, বাণিজ্যিক, চিকিৎসা আৰু চিগনেল আৰু টেলি কমিউনিকেচন বিভাগৰ প্ৰত্যেকৰ পৰা ২ জনকৈ আৰু পাৰ্চনেল, সুৰক্ষা, নিৰাপত্তা আৰু ষ্টোৰ বিভাগৰ পৰা ১ জনকৈ অন্তৰ্ভুক্ত আছে। এই বিষয়াবৰ্গৰ প্ৰশাসনিক সঁহাৰি, গ্ৰাহক-কেন্দ্ৰিক সেৱা, স্বাস্থ্যসেৱা প্ৰদান, প্ৰযুক্তিগত উৎকৰ্ষতা আৰু ৰেলৱেৰ সুৰক্ষা আৰু পৰিচালন ব্যৱস্থা শক্তিশালী কৰাৰ দিশত তেওঁলোকৰ অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰা হয়।

ইয়াৰ উপৰিও, বিদ্যুৎ আৰু পৰিচালন বিভাগৰ প্ৰত্যেকৰে পৰা ৭ জনকৈ, যান্ত্ৰিক বিভাগৰ পৰা ৮ জন আৰু চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ পৰা সৰ্বাধিক ১৫ জনে এই সন্মান লাভ কৰিছে। ট্ৰেকচন আৰু লোকো পৰিচালন, ৰেল পৰিচালন আৰু ট্ৰেফিক ব্যৱস্থাপনা, ৰোলিং ষ্টক ৰক্ষণাবেক্ষণ, ৱৰ্কশ্বপ, কোচিং ডিপো, ট্ৰেক ৰক্ষণাবেক্ষণ আৰু আন্তগাঁথনি উন্নয়নত তেওঁলোকৰ প্ৰশংসনীয় প্ৰচেষ্টাই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সামগ্ৰিক প্ৰদৰ্শন আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

কামাখ্যা কোচিং ডিপোক ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ কোচিং ডিপো বঁটাৰে সন্মানিত কৰা হৈছে। এই বঁটা বিশিষ্ট ৰেল সেৱা পুৰস্কাৰ (ভিআৰএছপি), ২০২৫ ৰ শেহতীয়া বিজয়ীসকলৰ অন্তৰ্গত। এই সন্মান কোচিং ৰক্ষণাবেক্ষণ আৰু সেৱাত ইয়াৰ অসাধাৰণ প্ৰদৰ্শন আৰু উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হৈছে।

এই অনুষ্ঠানত সমবেত সকলোকে সম্বোধন কৰি মহাপ্ৰৱন্ধক আৰু উচ্চপদস্থ বিষয়াবৰ্গই বঁটা প্ৰাপ্তসকলৰ পেছাগত দক্ষতা, টীম ৱৰ্ক আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেত সুৰক্ষা, সময়ানুবৰ্তিতা আৰু যাত্ৰী সন্তুষ্টি বৃদ্ধিৰ দিশত অবিৰত প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে। উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ কৰ্মশক্তিৰ মাজত যোগ্যতাৰ স্বীকৃতি আৰু উৎকৰ্ষতাক উৎসাহিত কৰাৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande