নাহৰকটীয়াত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত এজন
ডিব্ৰুগড়, ১১ জানুৱাৰী (হি.স.)। নাহৰকটীয়াত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত ১। নাহৰকটীয়াৰ ৰাজীৱ ভৱনৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত হয় এজন যুৱক। নিহত যুৱক জনক জয়পুৰৰ সুৰজিৎ খাকলাৰী বুলি চিনাক্ত কৰা হৈছে। নিহত যুৱক সুৰজি
নাহৰকটীয়াত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত এজন


ডিব্ৰুগড়, ১১ জানুৱাৰী (হি.স.)। নাহৰকটীয়াত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত ১। নাহৰকটীয়াৰ ৰাজীৱ ভৱনৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত হয় এজন যুৱক। নিহত যুৱক জনক জয়পুৰৰ সুৰজিৎ খাকলাৰী বুলি চিনাক্ত কৰা হৈছে। নিহত যুৱক সুৰজিতে দেওবাৰে পুৱাৰ ভাগত নাহৰকটীয়া ৰাজীৱ ভৱনৰ সন্মুখৰ এখন গেৰেজত নিজৰ স্কুটী মেৰামতি কৰোৱাই আছিল।

ঠিক তেনে সময়তে পথৰ কাষলৈ ওলাই যোৱা সুৰজিতক নাহৰকটীয়াৰ দিশৰ পৰা আহি থকা এখন তীব্ৰ বেগী ডাম্পাৰে মহটিয়াই নিয়াত থিতাতে নিহত হয়। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা এএছ ২৩ চিচি ৮২০৯ নম্বৰৰ ডাম্পাৰ খন জব্দ কৰাৰ লগতে চালক জীতেন পাহাৰীয়াক আৰক্ষীয়ে আটক কৰিছে।দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খন দুলীয়াজানৰ বদৰী ৰায় কনচষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande