
মৰিগাওঁ, ১১জানুৱাৰী (হি.স.)। পবিতৰা অভয়াৰণ্যৰ বুঢ়ামায়ঙত অঘটন। মায়ঙত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ব্যক্তি। আহত ব্যক্তি জনক ৰজা মায়ং গাঁৱৰ ভৰত নাথ বুলি জানিব পৰা গৈছে। বুঢ়া মায়ঙৰ পথাৰত কাম কৰি থকা অৱস্থাতে পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গঁড়ে হঠাত পিছ ফালৰ পৰা আক্ৰমণ কৰে যুৱক জনক। হঠাত গঁড়টোৱে আক্ৰমণ কৰাত আহত যুৱক জন কিংকৰ্তব্যবিমোৰ হই পৰে।কিন্ত আহত যুৱক জনে চিঞৰ বাখৰ কৰাত নিকটবৰ্তী স্থানত থকা আন যুৱক সকল আগবাঢ়ি আহে আৰু গঁড়টো আতৰি যায়।
ইতিমধ্যে গুৰুতৰ ভাৱে আহত যুৱক জনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইছ লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পুৰ্বেও পবিতৰা অভয়াৰণ্য়ৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণৰ সন্মুখীন হৈ একাংশ গাওঁবাসী আহত হৈছিল।
হিন্দুস্থান সমাচাৰ / Narayan Kar