কোকৰাঝাৰত বিশেষ ভাবে সক্ষম মহিলাক ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি হাগ্ৰামাৰ প্ৰতিক্ৰিয়া
কোকৰাঝাৰ, ১১ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ চহৰত এগৰাকী বিশেষ ভাবে সক্ষম মহিলাক ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঘটনা সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সকলো জাতিৰ মাজত বেয়া মা
কোকৰাঝাৰত বিশেষ ভাবে সক্ষম মহিলাক ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি হাগ্ৰামাৰ প্ৰতিক্ৰিয়া


কোকৰাঝাৰ, ১১ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ চহৰত এগৰাকী বিশেষ ভাবে সক্ষম মহিলাক ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঘটনা সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সকলো জাতিৰ মাজত বেয়া মানুহ আছে। এই বেয়া মানুহক ধৰি শাস্তি দিয়াটো প্ৰশাসনৰ দায়িত্ব।

এজন দুজন বেয়া মানুহৰ বাবে গোটেই জাতিটোক বদনাম কৰিব নালাগে। বেয়া কাম কৰা ব্যক্তিক ধৰি শাস্তি প্ৰদান কৰাটো প্ৰশাসনৰ দায়িত্ব। কিন্তু ইয়াৰ বাবে গোটেই সমাজক দোষ দিব বিচৰাটো ঠিক নহয়। চিৰাঙৰ বিজনীৰ বৰলাউগাঁওৰ থেংফাখ্ৰী পথাৰত চলি থকা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande