
বৰপেটা, ১১ জানুৱাৰী (হি.স.)। কলগাছিয়াৰ গুইলেজা আজাদ সংঘৰ সাংস্কৃতিক মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন ক'লা কৃষ্টি প্ৰদৰ্শনৰ লগতে হাতীৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত গুইলেজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।
গুইলেজা আজাদ সংঘৰ সাংস্কৃতিক মহোৎসৱত প্ৰদৰ্শিত হয় এই সাংস্কৃতিক শোভাযাত্ৰা। ৯ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক মহোৎসৱৰ দেওবাৰে মুকলি সভাত অংশগ্ৰহন কৰিবলৈ আহি সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰে। তেওঁ কয়, জিকিৰ, নাম, বিহু, বিয়া গীত, হাতী আদিৰে জাক জমকতাৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই শংকৰ- আজানৰ চানেকি দাঙি ধৰিছে বুলি মন্তব্য কৰে। শোভাযাত্ৰাত স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা অহা শ শ ৰাইজে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা