জুৰীয়াত পুখুৰীত বিহ দি মাছ নিধন দূৰ্বিত্তৰ
নগাঁৱ, ১১ জানুৱাৰী (হি.স.)। নগাঁৱৰ জুৰীয়াৰ ২নং বৰালিমাৰীত দুৰ্বৃত্তই সংঘটিত কৰিলে এক আসুৰিক কাৰ্য্য। পুখুৰীত বিহ দি নিধন কৰিলে কুইন্টলে কুইন্টলে মাছ। মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি মৎস্য পালকৰ। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ। সুঁতিৰ পাৰ
জুৰীয়াৰ ২নং বৰালিমাৰীত দুৰ্বৃত্তৰ দুষ্কাৰ্য্য....


জুৰীয়াৰ ২নং বৰালিমাৰীত দুৰ্বৃত্তৰ দুষ্কাৰ্য্য....


নগাঁৱ, ১১ জানুৱাৰী (হি.স.)। নগাঁৱৰ জুৰীয়াৰ ২নং বৰালিমাৰীত দুৰ্বৃত্তই সংঘটিত কৰিলে এক আসুৰিক কাৰ্য্য। পুখুৰীত বিহ দি নিধন কৰিলে কুইন্টলে কুইন্টলে মাছ। মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি মৎস্য পালকৰ। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ। সুঁতিৰ পাৰৰ ২নং বৰালীমাৰীত আজি সংঘটিত হয় উক্ত ঘটনা।

অঞ্চলটোৰ ৰিয়াজত আলী নামৰ লোক জনৰ পুখুৰীত দুৰ্বৃত্তই সংঘটিত কৰিলে উক্ত ঘটনা। উক্ত ঘটনাত আনুমানিক প্ৰায় ৫ কুইন্টলৰো অধিক বিভিন্ন প্ৰজাতিৰ মাছ নিধন হৈছে বুলি মন্তব্য ভুক্তভোগীৰ। উল্লেখ্য যে উৰুকাত মাছ বিক্ৰীৰ বাবে যো-জা চলাইছিল ভুক্তভোগীয়ে, কিন্তু তাৰ পূৰ্বেই দুৰ্বৃত্তই সংঘটিত কৰিলে এই ঘটনা।

বৰালীমাৰিৰ হৰজত আলী নামৰ এজন লোকে উক্ত ঘটনা সংঘটিত কৰাৰ সন্দেহ ভুক্তভোগীৰ। সম্প্ৰতি ঘটনাস্থলীত সুঁতিৰ পাৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande