
বাক্সা, ১১ জানুৱাৰী (হি.স.): বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা। পৰ্যটকৰ কেমেৰাত বন্দী হৈছে ঢেঁকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ দৃশ্য। তিনিটাকৈ প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰা হৈছে ।
প্ৰতি দিনেই মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীব জন্তুৱে দিছে ভাল খবৰ মানাহ পৰীয়া ৰাইজক। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলত বনৰজাৰ বিচৰণৰ দৃশ্য বন্দী হৈছে কেমেৰাত। টুৰিষ্ট গাইড বিকু বিশ্বকৰ্মাই কেমেৰাত বন্দী কৰে এই বিশেষ দৃশ্যটো।
উল্লেখ্য যে গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত মানস ৰাষ্ট্ৰীয় উদ্যান। উত্তৰে মানস নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে। এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে। এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী নল গাহৰি (Pygmy Hog), সোণালী বান্দৰ (Golden Langur) আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া ম'হ (Wild Water Buffalo)ৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ