
কোকৰাঝাৰ, ১১ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি শনিবাৰে বিয়লি পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে ৰাইজে পথ অৱৰোধ কৰে ।
ডাম্পাৰ আৰু ই ৰিস্কাৰ মাজত সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনা সংঘটিত হয় । পথ দুৰ্ঘটনাত গুৰুতৰ আহত হয় ই ৰিস্কা খনৰ চালকজন ।আহত চালক জন দলগাঁৱৰ জয়ন্ত ৰাভা বুলি পৰিচয় পোৱা গৈছে। ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই এই ঘটনা সংঘটিত হৈছে। ইফালে অনিয়ন্ত্ৰণ ভাৱে ৰঙা মাটি কঢ়িয়াই নিয়া ডাম্পাৰ বন্ধ কৰাৰ দাবীত গঞা ৰাইজে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । পৰৱৰ্তী সময়ত পৰ্বতঝোৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । অতীষ্ঠ হৈ পৰা ৰাইজে ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰাৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ