
ধুবুৰী, ১১ জানুৱাৰী (হি.স.)। গৌৰীপুৰত দুটা গোভাইত চোৰক আটক। গহনা দোকানত গহনা দেখাৰ চলেৰে গহনালৈ উধাও হৈছিল চোৰ দুটা।
চোৰ দুটা টিয়ামাৰি দ্বিতীয় খণ্ড গাঁৱৰ গুলাম মুস্তফিজুৰ ৰহমান আৰু ধুবুৰীৰৰ ঝগড়াপাৰৰ ইকবাল হাৰুন আলি হাবি।
গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই গোভাইত চোৰ দুটাক আটক কৰিবলৈ সক্ষম। আৰক্ষীয়ে চোৰ দুটাৰ বিৰুদ্ধে ৩০৪(২)/৩১৮(৪)Bns ধাৰাত ০৪/২৬ নম্বৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা