বাক্সাৰ থমনাত গণ সুৰক্ষা পাৰ্টিৰ কৰ্মী সভা
বাক্সাৰ থমনাত গণ সুৰক্ষা পাৰ্টিৰ কৰ্মী সভা।
বাক্সাৰ থমনাত গণ সুৰক্ষা পাৰ্টিৰ কৰ্মী সভা


বাক্সা, ১১ জানুৱাৰী (হি.স.): বাক্সাৰ থমনাত যোৱা কালি শনিবাৰে সন্ধিয়া গণ সুৰক্ষা পাৰ্টিৰ কৰ্মী সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে দলৰ সভাপতি নৱ শৰণীয়াৰ লগতে বিটিচিৰ মনোনীত পাৰিষদ তথা গণ সুৰক্ষা পাৰ্টিৰ নেত্ৰী হেমপ্ৰভা দেৱী।আনহাতে বিধানসভা নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰিছে নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি ।‌ একাধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইংগিত দিয়ে নৱ শৰণীয়াই। বিটিচিৰ ১৫ টা বিধানসভা সমষ্টিৰ ভিতৰত ৩ টাত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইংগিত নৱ শৰণীয়াৰ। বিটিচিৰ মানাহ বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ‌ একপ্ৰকাৰ নিশ্চিতি প্ৰদান কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।অৱশ্যে গণ সুৰক্ষা পাৰ্টিৰ সহযোগী দল বিপিএফৰ সৈতে কথা-বতৰা পাতিহে আগন্তুক দিনত এই সকলোবোৰ ঠিক কৰাৰ কথাও উল্লেখ কৰে নৱ শৰণীয়াই।

গণ সুৰক্ষা পাৰ্টিৰ উপ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ দলত্যাগে গণ সুৰক্ষা পাৰ্টিৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি একপ্ৰকাৰ দৃঢ়তাৰে কয় প্ৰাক্তন সাংসদ নৱ শৰণীয়াই । ইফালে ঘনশ্যাম দাসৰ অৱৰ্তমানত তেওঁৰ ঠাইত এগৰাকী নতুন প্ৰাৰ্থীহে আগন্তুক ২০৩০ চনত পৰিষদীয় নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীৰ পৰা প্ৰক্ষেপ কৰাৰ ইংগিত প্ৰদান কৰে দলৰ সভাপতি নৱ শৰণীয়াই । অৱশ্যে ঘনশ্যাম দাসৰ সুস্থিৰ চিন্তা-চৰ্চাকলৈ তেওঁ এতিয়াও আশাবাদী বুলিও কয় নৱ শৰণীয়াই। ইফালে হাগ্ৰামা মহিলাৰীৰ পূৰ্বৰ হেৰুওৱা গৌৰৱ যাতে পুনৰ ঘূৰাই পায় তাৰ স্বাৰ্থত গণ সুৰক্ষা পাৰ্টি সদায়ে বিপিএফক সহায় কৰি যাব বুলি একপ্ৰকাৰ প্ৰতিজ্ঞাবদ্ধ নৱ শৰণীয়া আৰু তেওঁৰ দল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande