বিহু উপলক্ষ্যে বড়িবজাৰত বিশেষ মাছ বজাৰৰ আয়োজন
বিহু উপলক্ষ্যে বড়িবজাৰত বিশেষ মাছ বজাৰৰ আয়োজন।
বিহু উপলক্ষ্যে বড়িবজাৰত বিশেষ মাছ বজাৰৰ আয়োজন


মৰিগাঁও, ১১ জানুৱাৰী (হি.স.):মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বড়িবজাৰত বিহু উপলক্ষ্যে এক বিশেষ মাছ বজাৰৰ আয়োজন কৰা হৈছে। উৰুকাৰ দিনাই এই বজাৰৰ আয়োজন কৰা হৈছে। দেওৰা বিল আৰু কুজি বিলৰ ডাঙৰ ডাঙৰ মাছ এই বিশেষ বজাৰ খনতেই পাব।

অহা ১২ জানুৱাৰীত বিহু উপলক্ষ্যে আয়োজন কৰা এই বিশেষ মাছ বজাৰ খনত ডাঙৰ ডাঙৰ ৰৌ, বৰালি, বাহু, মিৰিকা, আৰি, কাৱৈকে আদি কৰি বিভিন্ন প্ৰজাতিৰ মাছ পাব। এই বিশেষ বজাৰ খন নিশা ১২ বজাৰ পৰা আৰম্ভ হ'ব বুলি বজাৰ আয়োজক সমিতিয়ে আজি এদল সাংবাদিকক জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande