বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত বাঙালীক অন্তৰ্ভুক্তৰ দাবী
বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত বাঙালীক অন্তৰ্ভুক্তৰ দাবী সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বি টি আৰ জোনাল সমিতিৰ।
বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত বাঙালীক অন্তৰ্ভুক্তৰ দাবী


কোকৰাঝাৰ, ১১ জানুৱাৰী (হি.স.):বিটিচিৰ বৃহৎ জনগোষ্ঠী বাঙালী সম্প্ৰদায়ৰ এগৰাকী লোকক বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত স্থান নিদিয়াৰ পিছতে সমগ্ৰ বিটিচিত সৰৱ প্ৰতিবাদ হৈ থকাৰ সময়তে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বি টি আৰ জোনাল সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিগত নিৰ্বাচনত বাঙালী সম্প্ৰদায়ৰ ৰাইজে ব্যাপক হাৰে ভোটদান কৰি বিপিএফ দলক চৰকাৰ গঠনত যথেষ্ট সহায়-সহযোগ কৰিছিল যদিও এই সম্প্ৰদায়ক পুনৰ বঞ্চিত কৰা ঘটনাত দুখ অনুভৱ কৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বি টি আৰ জোনাল সমিতিৰ সভাপতি ৰাজীব সৰকাৰে ৷

এই সন্দৰ্ভত যোৱা কালি শনিবাৰে সন্ধিয়া সংবাদমেলত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বি টি আৰ জোনাল সমিতিৰ সভাপতি ৰাজীব সৰকাৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক বিষয়টো পুনৰ বিবেচনা কৰি কমপক্ষেও এজন লোকক অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande