
বিশ্বনাথ, ১১ জানুৱাৰী (হি.স.)। গহপুৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । এই দৃশ্য গহপুৰৰ টেটুনবাৰী গাওঁ পঞ্চায়তৰ ৰাজখোৱা চুবুৰীলৈ যোৱা পথৰ । পেভাৰ ব্লক ৰে নিৰ্মাণ হৱ লগা এই পথটোৰ বাবে প্ৰায় ২১ লাখ টকা ধাৰ্য কৰা হৈছে ।
কিন্তু পথ নিৰ্মানৰ দায়িত্ব লাভ কৰি পিংকু ফুকন নামৰ দলীয় কৰ্মী জনে পথটোৰ নিৰ্মানৰ বাবে থকা চৰকাৰী গাইড লাইনক সম্পূৰ্ণ ৰূপে বুঢ়া আঙুলি দেখুৱাই চোৱা-চিতাৰ দায়িত্বত থকা বিষয়া -কৰ্মচাৰীক মেনেজ কৰি সীমিত পৰিমানৰ চেণ্ড-গেৱেল , মেটেল ,মাটি আদি ব্যৱহাৰৰ কৰি পথৰ নিৰ্মান চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে । পূৰ্বত কৈ পথটো ঠেক আৰু নিম্নমানৰ হোৱা বুলি ৰাইজে বহু বাৰ ধৰি অভিযোগ কৰি আহিছে যদিও গুৰুত্ব দিয়া নাই নিৰ্মানৰ দায়িত্বত লোক সকলে। আন কি ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পথটো চাবলৈ চৰকাৰী বিষয়া নাযায় বুলিও ৰাইজে অভিযোগ কৰিছে । বহু দিনীয়া আবেদন-নিবেদনৰ অন্তত লাভ কৰা পথটো ভাল দৰে নিৰ্মাণ কৰিবলৈ দাৱী তুলিছে স্হানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ