
বঙাইগাঁও, ১১ জানুৱাৰী (হি.স.): বঙাইগাঁও জিলা ৰাজীৱ ভৱনত যোৱা কালি শনিবাৰে বিয়লি কংগ্ৰেছ জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ কংগ্ৰেছ দলত যোগদান কৰা খবৰক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিত টিকট বিচাৰি যোগদান কৰাৰ খবৰত আউল লাগিছে সমষ্টিটোত ।
ইফালে কংগ্ৰেছ দলত যোগদান কৰিয়েই টিকট প্ৰদান কৰিলে হ'ব দলৰ মাজত বিদ্ৰোহ । যোগদান কৰিয়ে টিকট প্ৰদান কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । ইতিমধ্যে অভিযোগ দাখিল কৰিছে সভাপতি গৌৰৱ গগৈক । প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰীৰ কয় যে আনহাতে বঙাইগাঁও ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা সভাপতি গিৰীশ বৰুৱা, বিধায়ক প্ৰদীপ সৰকাৰ, প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰীৰ উপস্থিতিত যোগদান। অগপ দলৰ কেইবাগৰাকী কৰ্মীয়ে অগগ দলৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ কংগ্ৰেছ দলৰ আনুষ্ঠানিক ভাবে যোগদান কৰে বুলি মন্তব্য কৰে বুলি জিলা সভাপতি গিৰীশ বৰুৱাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ