দৰং জিলা কংগ্ৰেছ কমিটীৰ মনৰেগাৰ সলনি ভিবিজি ৰাম জী ৰূপায়ণ কৰাৰ বিৰোধিতা
দৰং জিলা কংগ্ৰেছ কমিটীৰ সংবাদমেল ৷
দৰং জিলা কংগ্ৰেছ কমিটীৰ মনৰেগাৰ সলনি ভিবিজি ৰাম জী ৰূপায়ণ কৰাৰ বিৰোধিতা


দৰং, ১১ জানুৱাৰী (হি.স.): দৰং জিলা কংগ্ৰেছ কমিটীয়েও আৰম্ভ কৰিছে মনৰেগা বচাও সংগ্ৰাম। যোৱা কালি শনিবাৰে সন্ধিয়া দৰং জিলা কংগ্ৰেছ কমিটীয়ে এক সংবাদমেল পাতি মনৰেগাৰ সলনি ভিবিজি ৰাম জী ৰূপায়ণ কৰাৰ বিৰোধিতা কৰে ৷ ৰাজ্যিক কংগ্ৰেছ উপসভাপতি আৰ পি শৰ্মাই সংবাদমেল খন সম্বোধন কৰে।

ভাৰতীয় জনতা পাৰ্টিৰ শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰে মনৰেগা (MGNREGA) আঁচনি বাতিল কৰি তাৰ ঠাইত ভিবিজি ৰাম জী (VBGAMJI) আঁচনি কৰাৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছে ৷ মহামানৱ মহাত্মা গান্ধীক অপমান কৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আঁচনিখন নাম সলনি কৰাৰ বাবে সমগ্ৰ দেশ যুৰি সংগ্ৰাম আৰম্ভণি কৰিছে কংগ্ৰেছ দলে ৷ সংবাদমেলত আৰ পি শৰ্মাই সমগ্ৰ দেশ খনকে আদানি আম্বানিক বিক্ৰী কৰিবলৈ আহ্বান জনালে বিজেপি চৰকাৰক ৷ নাম সলনি কৰিলে উন্নতি হয় নেকি বুলি বিজেপিলৈ প্ৰশ্ন কৰে আৰ পি শৰ্মাই ৷ শৰ্মাই চৰকাৰে বিভিন্ন আঁচনিৰ নামত মহিলা সকলক যি সামান্য পৰিমানৰ ধন দিছে তাৰবাবেই বিজেপিক ভোট নিদিবলৈ আহ্বান জনালে ৷ আঁচনিৰ ধন লৈ বিজেপিক ভোট দিলে অসমীয়াৰ আত্মসন্মান বিক্ৰী কৰা হ’ব বুলি ব্যক্ত কৰে আৰ পি শৰ্মাই ৷ এই ধন বিজেপিৰ চৰকাৰৰ ছিণ্ডিকেটৰ ধন সেইধন জনতাই খাই দিলেও কোনো পাপ নহয় বুলিও ব্যক্ত কৰে আৰ পি শৰ্মাই ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande