
শিৱসাগৰ, ১১ জানুৱাৰী (হি.স.)। ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতিত ৰাজ্যবাসী। ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাতো চলিছে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি। অসমীয়া জীয়ৰী-বোৱাৰী আখলত ব্যস্ত হোৱাৰ লগতে ডেকা বুঢ়া সকলোৱে মিলি তৈয়াৰ কৰিছে ভেলা ঘৰ আৰু মেজি। শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ ফাকুম নকাটনি গাৱৰ ৰাইজে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ পৰিকল্পনাৰে চলাইছে প্ৰস্তুতি।
ভোগালী বিহু উদযাপনৰ লগতে সম্প্ৰীতি আৰু সম্বনয়ৰ নিৰ্দেশনেৰে ১২০ টা পৰিয়ালে চাৰিদিনীয়াকৈ কোঁৱৰপুৰ ফাকুম নকাটনি গাৱৰ ৰাইজে উদযাপন কৰিব ভোগালী বিহু।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা