

মৰিগাঁও, ১১ জানুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহাসিক ভকতগাঁৱত অঞ্চলৰ কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত ১৯৯৮ চনতে প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱটি আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কা্ৰ্যসূচীৰে অনুষ্ঠিত হয়। পূৱা নিকেতনৰ পতাকা উত্তোলন কৰে শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য গিৰেণ কুমাৰ ডেকাই।
ৰূপালী জয়ন্তী উদ্যাপন সমিতিৰ পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকাই। তাৰ পাছতে বন্তি বঘৰা ল-মাটি সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীয়ে। অনুষ্ঠানত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি ড° বিৰিঞ্চি শৰ্মা আৰু বিশিষ্ট সমাজসেৱক প্ৰেমানন্দ দাসে। লগতে নাহৰ গছৰ পুলি ৰোপন কৰে উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি শৰৎ ডেকাই।ৰূপালী জয়ন্তী উৎসৱৰ সৈতে সংগতি ৰাখি বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্যৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত নম্ৰতা চাহুৱে।
হিন্দুস্থান সমাচাৰ / Narayan Kar