
হাইলাকান্দি, ১১ জানুৱাৰী (হি.স.)। হাইলাকান্দি চহৰত আজি আয়োজন কৰা হৈছে জিলা খনৰ পৰম্পৰাগত বনদুৰ্গা পূজাৰ। প্ৰতি বছৰে পুহ মাহৰ কৃষ্ণা অষ্টমী তিথিত হাইলাকান্দি চহৰৰ লক্ষীপুৰ অঞ্চলৰ ১৪ নং ৱাৰ্ডৰ ধলেশ্বৰী নদীৰ পাৰত উক্ত পূজাৰ আয়োজন কৰা হয়। ইয়াত দেৱী দুৰ্গাক মা লালছা বিষেশ্বৰ নামে পূজা কৰা হয়।
মূৰ্তি বা প্ৰতিমাৰ সলনি ইয়াত দেৱী হিচাপে এ'ঝাৰ বাঁহক পূজা কৰা হয়। স্থানীয় লোকৰ বিশ্বাস অনুসৰি, ইয়াত দেৱী বাস । জোপোহাৰ মাজেৰে স্থানীয় লোকে কেতিয়াও বাঁহ কাটি ব্যবহাৰ ন'কৰে । হাবিৰ মাজেৰে বাঁহ কাটিবলৈ আহিলেই আগতেও বহু দুৰ্ঘটনা সংঘটিত হৈছিল বুলিও এটা জনপ্ৰিয় কথা প্ৰচলন আছে। এইখন পুজা প্ৰায় ২৫০ বছৰৰ পৰা চলি আহিছে । আজি পুৱাৰে পৰা নাম কীৰ্তনৰ লগতে বিভিন্ন মন্ত্ৰ জপ কৰি দেৱী লালছাৰ পূজা আৰম্ভ হৈছে। এই পূজা উপলক্ষে প্ৰতি বছৰে ইয়াত সহস্ৰাধিক ভক্তৰ সমাগম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ