
গুৱাহাটী, ১১ জানুৱাৰী (হি.স.)। শতাংশ খিলঞ্জীয়াৰ ভোটেৰে নিৰ্বাচিত হোৱা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে নির্বাচন প্রতিদান হিচাপে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মিঞাৰ সহায়ত উজনি অসম দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে।
উজনি অসমত জাতিয়তাবাদী, নামনি অসমত মিঞা প্রীতি দেখুৱা তথা মাজে সময়ে নিজকে বামপন্থী বুলি জাহিৰ কৰা একাধিক ৰাজনৈতিক আদৰ্শৰে আদর্শিত অখিল গগৈয়ে একবিংশ শতিকাৰ আধুনিক বদনৰ ৰূপত আত্মপ্রকাশ কৰিছে। যিদৰে বদন বৰফুকনে আহোম ৰাজ্য নিঃশেষ কৰিবলৈ মান আনিছিল ঠিক সেইদৰে অসমৰ খিলঞ্জীয়া প্ৰভুত্ব নাশ কৰিবলৈ অসমত মিঞা আগ্রাসনৰ সমৰ্থন কৰিছে। নামনি অসমৰ মিঞা অধ্যুষিত চেঙা, সৃজনগ্রাম, মন্দিয়া আদিত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে হাজাৰ হাজাৰ মিঞা সৈনিকক তৈয়াৰ কৰা আৰু প্ৰশিক্ষণ দিয়াত ব্যস্ত অখিল গগৈ।
অখিল গগৈৰ এই কামত সহযোগ কৰিছে অসম আন্দোলনৰ ফচল গুৰুজনাৰ নামেৰে নিৰ্মিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ পোষকতা কৰি মিঞা সংস্কৃতি সংৰক্ষণৰ দাবী কৰা শ্বেৰমান আলি আহমেদে। ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অবৈধ মিঞাৰ পক্ষত থিয় দিয়াৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে অসমৰ ভৱিষ্যদর্শী মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ পৰা অবৈধ মিঞাৰ ঘাটি উচ্ছেদ কৰা অভিযানৰ বিৰুদ্ধে প্রতি সময়তে অখিল গগৈয়ে খিলঞ্জীয়াৰ বিপক্ষে অবস্থান কৰিছে।
আজি ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত সংবাদমেলত এনেদৰে মন্তব্য কৰে দলৰ ৰাজ্যিক মুখপাত্র ড০ দেৱজিৎ মহন্তই। উক্ত সংবাদমেলত উপস্থিত থাকে বিজেপিৰ জ্যেষ্ঠ মুখপাত্র ব্রজেন মহন্ত সহিতে মুখপাত্র প্রাঞ্জল কলিতা তথা মিডিয়া পেনেলিষ্ট মুন তালুকদাৰ।
ড০ মহন্তই কয় যে, বিলাসী গাড়ীত উঠিহে অখিল গগৈয়ে উচ্ছেদৰ বিৰুদ্ধে মাত মাতিবলৈ যায় আৰু আধা ৰাস্তাৰ পৰা বাছত যোৱাৰ নিকৃষ্ট অভিনয়ৰে শান্তিপূর্ণভাবে চলা উচ্ছেদ প্রক্রিয়াত বাধা আৰোপ কৰি উত্তেজিত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ উচতনি দিয়ে। পূর্বতে মোগলে ক্ষমতা লোভী হিন্দু সেনাপতি ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠোৱাৰ দৰে বৰ্তমান সময়ত অখিল গগৈয়ে মোগলৰ সেনাপতি হিচাপে ৰাজ্য দখলৰ ব্লু-প্রিন্ট ৰচনা কৰিছে। শিৱসাগৰ সমষ্টিৰ পৰা পলায়ন কৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত নির্বাচন খেলাৰ কুচকাৱাজ মুখপাত্র ড০ দেৱজিৎ মহন্তই উল্লেখ কৰে।
অসম কংগ্ৰেছৰ মিথ্যাচাৰ উদঙাই সংবাদমেলখনত ড০ মহন্তই কয় যে, কর্ণাটকৰ ২ বছৰ ৭ মহীয়া কংগ্ৰেছ চৰকাৰে দেশৰ ভিতৰতে সৰ্বকালৰ অভিলেষ ভংগ কৰি ১ লাখ ১৬ হাজাৰ কোটি টকাৰ ঋণ গ্রহণ কৰি দেশৰ ভিতৰতে শীর্ষ স্থান লাভ কৰিছে। একেদৰে হিমাচল প্ৰদেশৰ ৩ বছৰ ১ মহীয়া কংগ্ৰেছ চৰকাৰে ৰিজার্ভবেংকৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰি ঘৰুৱা উৎপাদনৰ ৩২.৫ শতাংশ ঋণ লোৱাৰ ক্ষমতাৰ বিপৰীতে ৪১ শতাংশ পর্যন্ত ঋণ গ্রহণ কৰি চৰকাৰখন আর্থিকভাবে দেউলীয়া হোৱাৰ দিশে অগ্ৰসৰ হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰেহে হিমাচল প্ৰদেশৰ চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলগীয়া অৱস্থা হৈছে। অসম কংগ্ৰেছে নিজৰ নিৰ্বাচনী ইস্তাহাৰত চৰকাৰ গঠন কৰিলে ঋণ নলয় বুলি ৰাজহুৱাকৈ লিখাৰ সাহস দেখুৱাবলৈও মুখপাত্ৰগৰাকীয়ে প্রত্যাহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী