
নলবাৰী, ১১ জানুৱাৰী (হি.স.): ভোগালীৰ প্ৰাকক্ষণত চৌদিশে চলিছে ভেলাঘৰ তৈয়াৰৰ অঘোষিত প্ৰতিযোগিতা। কি উজনি কি নামনি সকলোতে ৰাজহুৱা তথা ব্যক্তিগতভাৱে চলিছে ভোগালীৰ প্ৰস্তুতি। ইয়াৰ ব্যতিক্ৰম নহয় নলবাৰীৰ হৰ্ষিতা দেৱী। পিতৃৰ বজ্ৰকঠোৰ সিদ্ধান্তৰ বাবে এদিন তাই প্ৰাথমিক পৰ্য্যায়তে অন্ত পেলাইছিল আনুষ্ঠানিক শিক্ষা। পিছে আনুষ্ঠানিক শিক্ষা নাথাকিলেও হৰ্ষিতাৰ আছে সৃষ্টিশীল এটি মন। সৰুতে কাগজত অঁকা সেই নাঁওখনি বাস্তৱত আঁকিবলৈ হৰ্ষিতাই মনতে পুহি ৰাখিছিল এটি সপোন। আৰু সেই সপোনক সাকাৰ ৰূপ প্ৰদান কৰি তাই পাঁচ দিনৰ ভিতৰত নৰা-খেৰ আৰু বাঁহেৰে অকলে সাজি উলিয়ালে এখন পালতৰা নাঁও।
উল্লেখ্য যে হৰ্ষিতাই অকলে কাটিছে বাঁহ। অকলে কাটিছে নৰা। নাওঁখনি সম্পূৰ্ণ তৈয়াৰ হোৱাৰ আগদিনালৈ তাই আনৰ পৰা ঠাট্টা-মষ্কৰাও শুনিব লগা হৈছিল । উল্লেখ্য যে হৰ্ষিতাই বিগত ২০২৪ বৰ্ষত চাংঘৰৰ আৰ্হিত আৰু ২০২৫ বৰ্ষত দুমহলীয়া অট্টালিকাৰ আৰ্হিত ভেলাঘৰ সাজি লাভ কৰিছিল চৰ্চা। এইবাৰো হৰ্ষিতাই সাজি উলিওৱা এই সৰু অথচ তাইৰ সমস্ত হেঁপাহ খচিত নাঁওখনিয়ে দৃষ্টি কাঢ়িছে সকলোৰে। লাভ কৰিছে চৰ্চা। কেৱল সেয়াই নহয় আৰ্থিক দৈন্যতাৰে পীড়িত হৰ্ষিতাই পিঠা-লাড়ুৰ ব্যৱসায় কৰি মুকলি কৰিছে স্ব-নিয়োজনৰ বাট। ভোগালী বিহু উপলক্ষে হৰ্ষিতা পাকঘৰতো এতিয়া সমানে ব্যস্ত। অৰ্ডাৰ মতে কেবা ঠাইলৈ হৰ্ষিতাই প্ৰেৰণ কৰিব পিঠা-লাড়ু। এক প্ৰকাৰ হৰ্ষিতা হৈ পৰিছে আন বহুতৰ বাবে প্ৰেৰণা তথা আদৰ্শৰ প্ৰতীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ