
ইম্ফল, ১১ জানুৱাৰী (হি.স.)। মণিপুৰৰ বিভিন্ন জিলাত বিগত ২৪ ঘন্টাত চলা সমন্বিত অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে দুজন উগ্ৰপন্থী কেডাৰক গ্ৰেপ্তাৰ কৰিছে।
বিষয়াসকলৰ মতে, কাংপকপি জিলাৰ কাংচুপ থানা এলেকাৰ অন্তৰ্গত আৱালমুন গাঁৱৰ আশে-পাশে চলোৱা অভিযানৰ সময়ত এটা এ কে ৪৭ ৰাইফল, কেইবাটাও চিংগল আৰু ডাবল বেৰেল ৰাইফল, বল্ট-একচন অস্ত্ৰ, ইম্প্ৰভাইজড মৰ্টাৰ, হেণ্ড গ্ৰেনেড, বিভিন্ন ধৰণৰ সজীৱ গুলী, যোগাযোগৰ সঁজুলি, আৰু যুদ্ধৰ সামগ্ৰী উদ্ধাৰ কৰা হয়।
একেদৰে আন এক অভিযানত চুৰাচান্দপুৰ জিলাৰ চুৰাচান্দপুৰ থানা এলেকাৰ অন্তৰ্গত ছাইদন আৰু চাংপিকোট গাঁৱৰ আশে-পাশে এটা চিংগল বেৰেল ৰাইফল উদ্ধাৰ কৰা হয়।
ইফালে, থৌবাল থানাৰ অধীনস্থ আথোকপাম খুনৌ অঞ্চলৰ পৰা কাকচিং জিলাৰ হিয়াংলাম ৱাৰাখং নিবাসী কে ৱাই কে এল (সোৰেপা)ৰ কেডাৰ এলাংবাম প্ৰেমচান্দ সিঙক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা জব্দ কৰে এখন হোণ্ডা এক্টিভা স্কুটাৰ আৰু চিম কাৰ্ডসহ এটা মোবাইল ফোন।
আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ চিংজামেই থানাৰ অধীনস্থ চিংজামেই মায়েংবাম লেইকাইৰ পৰা সক্ৰিয় প্ৰেপাকৰ কেডাৰ মায়েংবাম ৰোশন মেইটেই ওৰফে পাংগনবা (২৮)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন। অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া