
পশ্চিম কাৰ্বি আংলঙ, ১০ জানুৱাৰী (হি.স.)। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান বৈঠালাংছ’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত ৰবট বিজ্ঞান, বায়বীয় অৱয়ব আৰু পাইথন ব্যৱস্থাৰ ওপৰত এটা এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় ৷ কৰ্মশালাত গুৱাহাটী স্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ইলেক্ট্ৰনিকচ এণ্ড ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ড° প্ৰবীৰ বৰুৱা আৰু কাৰিকৰী অভিযান্ত্ৰিক বিভাগৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ হেমাংগ ভড়ালীয়ে কৰ্মশালা খনত প্ৰশিক্ষণ প্ৰদান কৰে ৷
এই ধৰণৰ কৰ্মশালা বিদ্য়ালয় খনত এইবাৰে প্ৰথম বুলি বিদ্যালয় খনৰ অধ্য়ক্ষ গৰাকী সংবাদ মাধ্যমত উল্লেখ কৰে। কৰ্মশালা খনত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকল যঠেষ্ট উপকৃত হোৱা বুলি বিদ্যালয়ৰ অধ্যক্ষ গৰাকী উল্লেখ কৰে।এনে ধৰণৰ কৰ্মশালা ভবিষ্যতে আৰু অনুষ্ঠিত কৰা হব বুলি তেও উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু