
গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। বিশ্ব হিন্দু পৰিষদ (ভিএইছপি), গুৱাহাটী মহানগৰ সমিতিৰ অৰ্ধবৰ্ষিক জিলা পৰিকল্পনা বৈঠক যোৱা শুকুৰবাৰৰ দিনা সম্পন্ন হৈছিল। ভি এইছ পি গুৱাহাটীৰ এগৰাকী বিষয়ববীয়াই আজি জানিবলৈ দিছে যে সভাখনৰ সভাপতিত্ব কৰিছিল মহানগৰ শাখাৰ সভাপতি চবিন ৰাজখোৱাই।
বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ-পূব প্ৰান্তৰ মহাসচিব ব্ৰজজ্যোতি শৰ্মা। বৈঠকত প্ৰান্তৰ নিৰ্দেশিত আগন্তুক কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰা হয় আৰু ব্ৰজজ্যোতি শৰ্মাই কমিটিক কিছু পথপ্ৰদৰ্শন কৰে। লগতে নতুন সদস্যৰো ভৰ্তীকৰণ হয় এই বৈঠকত।
মহাসচিব গোবিন্দ বাসুদেব গোস্বামীয়ে নতুন কার্যকৰিণীৰো ঘোষণা কৰে আৰু বৈঠকত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি সমাজৰ সকলো শ্ৰেণীক এই পবিত্ৰ কার্যত অংশগ্ৰহণৰ অনুৰোধ জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী