

কোকৰাঝাৰ, ১০ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ চহৰৰ পাথৰঘাটত শনিবাৰে পুবাৰ ভাগত সংঘটিত হোৱা উক্ত ঘটনাৰ প্ৰতিবাদত আজি বিয়লি ৰাইজে কোকৰাঝাৰ সদৰ থানা ঘেৰাও কৰাৰ লগতে পথ অৱৰোধ কৰি পৰিবেশ উত্তাল কৰি তোলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্ঠা । দোষীক কঠোৰ শাস্তি প্ৰদান আৰু ৰাইজৰ হাতত গটাই দিযাৰ দাবীত কোকৰাঝাৰ সদৰ থানাৰ সমুখত প্ৰতিবাদ কৰে কৰে ৰাইজে ৷
ধৰ্ষণকাৰীক জীৱন্তে জ্বলাই দিয়া বা ফাঁচিত ওলমাই দিয়াৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ ৷ আনহাতে প্ৰতিবাদকাৰীয়ে থানাৰ সন্মুখৰ পথত অৱস্থান লৈ কোকৰাঝাৰ - বিলাসীপাৰা সংযোগী পথ অৱৰোধৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷উল্লেখ্য যে শনিবাৰে পুৱা কোকৰাঝাৰ চহৰৰ পাথৰঘাটত ৰফিকুল ইছলাম নামৰ লোকে অঞ্চলটোৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰে ৷ধুবুৰী জিলাৰ চাপৰৰ নিবাসী ৰফিকুল ইছলাম পাথৰঘাটত আছাম এজেন্সীৰ পথ নিৰ্মাণৰ কামত মহৰী হিচাপে নিয়োজিত আছিল ৷ পাথৰঘাটতে শিৱিৰ পাতি থকা মহৰী ৰফিকুল ইছলামে শনিবাৰে পুৱা পথদি ঘুৰি ফুৰা অঞ্চলটোৰে পিতৃ মাতৃ হাৰা এগৰাকী মানসিক বিকাৰগ্ৰস্থ যুৱতীক ফুচলাই নিজৰ শিৱিৰৰ কোঠাত নি ধৰ্ষণ কৰে ৷ ঘটনাৰ বিষয়ে অবগত হৈ পিছত ঘটনাস্থলীত উপস্থিত হৈ কোকৰাঝাৰ আৰক্ষীৰ দলে পাষণ্ড ৰফিকুল ইছলামক আটক কৰি থানালৈ লৈ আনে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ