২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সংকল্প পত্ৰৰ শুভাৰম্ভ সভাপতি দিলীপ শইকীয়াৰ
গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। আজি পুৱা ১০ বজাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়াই ৰাইজৰ আকাংক্ষাই শিৰোধাৰ্য্য কৰি ২০২৬ চনৰ অসম বিধানসভা নির্বাচনত সংকল্প পত্ৰ প্ৰস্তুতকৰণৰ বাবে অ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। আজি পুৱা ১০ বজাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়াই ৰাইজৰ আকাংক্ষাই শিৰোধাৰ্য্য কৰি ২০২৬ চনৰ অসম বিধানসভা নির্বাচনত সংকল্প পত্ৰ প্ৰস্তুতকৰণৰ বাবে অসমৰ ৰাইজৰ পৰা পৰামৰ্শ ডিজিটেলী মিছ কলৰ জৰিয়তে বিচাৰি শুভাৰম্ভ কৰে।

এই পদক্ষেপৰ শুভাৰম্ভ কৰি এখন সাংবাদিক মেল সম্বোধন কৰে আৰু ২০২৬ চনৰ অসম বিধানসভা নির্বাচনৰ বাবে ৰাইজৰ পৰা চাৰিটা মাধ্যমেৰে পৰামৰ্শ আগবঢ়াব পাৰিব বুলি জনায়। ইছ্যুক সচেতন নাগৰিকে ৭০০২১২৬১২৬ ফোন নম্বৰত মিছ কল মৰাৰ লগে লগে উক্ত মবাইলত এটা মেচেজ আহিব আৰু তাত এটাত লিংক আহিব এই লিংকত ক্লিক কৰাৰ লগে লগে পৰামৰ্শ দিবৰ বাবে এটা ফর্মেট আহিব তাত পৰামৰ্শ দাতাজনে তেওঁৰ নাম আৰু মবাইলৰ নম্বৰ লিখি আৰু জিলা আৰু বিধানসভা সমষ্টিৰ নামটো উল্লেখ কৰি তেওঁ দিব বিচৰা পৰমাৰ্শ ঘৰটোত তেওঁৰ পৰমার্শতো লিপিবদ্ধ কৰি পঠাব পাৰিব। উক্ত পৰমাৰ্শতো গ্রহণ কৰাৰো প্ৰাপ্তি স্বীকাৰ তেখেতৰ মবাইললৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰোপৰি পৰামৰ্শ সমূহ QR Scaner, ইমেইল bjpassamsankalp2026@gmail.com আৰু ৱেবচাইট www.bjpassamsankalp2026.com ৰ জৰিয়তে দিব পাৰিব বুলি কয়।

শুভাৰম্ভণি অনুষ্ঠানত অসম বিধানসভা নির্বাচন ২০২৬ ৰ নিৰ্বাচনী ইস্তাহাৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ তথা কেবিনেট মন্ত্রী ডাঃ ৰণোজ পেণ্ড, সদস্য তথা কেবিনেট মন্ত্রী ৰনজিৎ কুমাৰ দাস, ২০২৬ অসম বিধানসভা নির্বাচন প্রবন্ধন সমিতিৰ আহ্বায়ক তথা সাংসদ প্রদান বৰুৱাও সংকল্প পত্র প্রস্তুতকৰণ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে। মাননীয় সভাপতি দিলীপ শইকীয়াই সমূহ অসমবাসী ৰাইজক অসমৰ ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱত প্রতিফলিত কৰাৰ কাৰণে নাগৰিকৰ বহুমূল্য পৰমাৰ্শসমূহ আজিৰে পৰা উক্ত মিছ কল, QR Scaner, ইমেইল আৰু ৱেবচাইটৰ জৰিয়তে দিব পাৰিব। ইয়াৰোপৰি, ৰাজ্যৰ বিভিন্ন স্থানত পৰমাৰ্শ দিয়াৰ কাৰণে 'পৰমাৰ্শ বাকচ' ৰখা হ'ব আৰু উক্ত পৰামৰ্শ বাকচতো ইছ্যুক ব্যক্তিয়ে লিখিতভাবে পৰামৰ্শ দিব পাৰিব। এই আটাইবোৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত ইস্তাহাব খচৰা প্ৰস্তুত সমিতিয়ে পর্যালোচনা ক্রমে গ্রহণ কৰি অসম ৰাজ্যখনক ৰাইজৰ ইচ্ছাৰ সৈতে একাত্ম হৈ ভাৰতীয় জনতা পার্টিয়ে আগন্তুক বিধানসভা নির্বাচনত, নির্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব।

সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰামৰ্শ-মতামত শুভাৰম্ভ কৰি মাননীয় সভাপতি দিলীপ শইকীয়াই কয় যে, ভাৰতৰ ভিতৰত অসম এখন দ্রুত গতিত বিকশিত ৰাজ্যৰ ভিতৰত এখন আৰু অসমৰ বিকাশৰ পৰিসংখ্যা ৪৫ শতাংশ। ভাৰত চৰকাৰৰ কল্যাণকামী হিতাধিকাৰী আঁচনিসমূহ সফল ৰূপায়ণৰ ক্ষেত্ৰত অসম এখন অগ্রগণী ৰাজ্য হিচাপে পৰিগণিত হৈছে। জনকল্যাণকামী আঁচনিসমূহ পোনপটীয়াভাবে হিতাধিকাৰীয়ে প্ৰাপ্তিৰ ব্যবস্থা ভাৰতীয় জনতা পার্টিৰ কেন্দ্ৰ আৰু অসম চৰকাৰৰ স্বচ্ছতাৰ এক উল্লেখনীয় নিদর্শন। মাননীয় যশস্বী প্রধানমন্ত্রী নবেন্দ্র মোদীৰ নেতৃত্বৰ কেন্দ্রীয় চৰকাৰৰ প্রধানমন্ত্রী কৃষি বিকাশ যোজনা, গৰীৱ কল্যাণ আঁচনি, প্রধানমন্ত্রী আবাস যোজনা, প্রধানমন্ত্রী অন্ন সুৰক্ষা যোজনা ইত্যাদি আঁচনিয়ে কৃষক, গৰীৱ আৰু গৃহহীনক সকলোকে ধুকি পোৱাকৈ আঁচনিসমূহৰ অকল আক্ষৰিকভাৱেই নহয় ই বাস্তবিক ভারেও ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ ফলত গৰীৱৰ সুচাংক সংখ্যা কংগ্ৰেছৰ দিনৰ ৩৪ শতাংশৰ পৰা বর্তমান ১২ শতাংশলৈ হ্রাস পাইছে। অসমক উদ্দ্যোগীকৰণৰ ক্ষেত্রত যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এক উল্লেখযোগ্য অবদান আছে। বিশেষকৈ জাগীৰোডৰ চেমিকণ্ডাক্টৰ প্রকল্প, নামৰূপৰ সাব-কৰাখানাৰ চতুর্থ গোট সংশোজন, নুমলীগড় শোধানাগাৰৰ বাঁহৰ পৰা প্ৰস্তুত জৈৱিক তেল আদি অসমৰ এক উল্লেখনীয় উদ্যোগীকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাই অসম এক অগ্রগামী উদ্যোগীক ৰাজ্য হিচাপে ধাবমান হৈছে।

সভাপতি শইকীয়াই কয় যে, সর্বকালৰ জনপ্রিয় কর্মদক্ষ, ভবিষ্যদর্শী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এক যুগন্তকাৰী পৰিৱৰ্তন আৰু উন্নয়নৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্রী ৬০ শৰ্মাৰ কাৰ্যকালত প্ৰথমবাৰৰ বাবে 'ইণ্ডাজিনিয়াছ ফেইথ এণ্ড কালছাৰ মন্ত্রালয়' অসম চৰকাৰে এটা সুকীয়া মন্ত্রালয় গঠন কৰে। এই মন্ত্রালয়ে ভূমিপুত্র সকলৰ বিশ্বাস আৰু সংস্কৃতিক গৱেষণাৰ জৰিয়তে পদ্ধতিগতভাবে আগবঢ়াই নিয়াত নির্ণায়ক ভূমিকা পালন কৰিব। ইয়াৰোপৰি প্ৰশাসনিক বিকেন্দ্ৰীকৰণৰ কাৰণে ডিব্ৰুগড়ত মুখ্যমন্ত্রী সচিবালয় স্থাপন এক উল্লেখনীয় পদক্ষেপ। বৰাকৰ বিকাশ বিশেষ গুরুত্ব সহকাৰে তৰান্বিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বৰাকৰ বাবে সুকীয়াকৈ বৰাক উন্নয়ন বিভাগ স্থাপন ভাৰতীয় জনতা পাৰ্টিৰ অসম চৰকাৰৰ সমবিকাশৰ নিদর্শন। অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়াৰ জাতিৰ সংসয় হেতুকে ইয়াক ৰোধ কৰাৰ কাৰণে বহুবিবাহ আৰু বাল্যবিবাহ নিষিদ্ধকৰণৰ আইন, ২০২৫ এক উল্লেখনীয় ভূমিকা গ্রহণ কৰিব।

সভাপতি শইকীয়াই তেওঁৰ সংকল্প পত্র প্রস্তুত অনুষ্ঠানৰ শুভাৰম্ভণি ভাষণত কয় যে, ২০১৬ চনৰ পৰা অসমত অধিস্থিত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে উন্নতি, বিকাশ আৰু উদ্যাগীকৰণৰ এক উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিছে। লগতে অসমীয়াৰ জাতি-মাটি-ভেটি ৰক্ষা কৰাই নহয় অসমীয়াৰ কৃষ্টি সংস্কৃতিক অৱধাৰিতভাবে জীয়াই ৰখাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পার্টিয়ে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা দোহাৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande