ডিজিটেলাইজ পদ্ধতিৰে হ'ব সংৰক্ষণ কৰিব ইতিহাস সমৃদ্ধ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ১২৫ বছৰীয়া ইতিহাস আৰু বৰ্তমানৰ সকলো তথ্য
Assam, 10 জানুৱাৰী অসমৰ সাংস্কৃতিক ইতিহাসক সমৃদ্ধ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ১২৫ বছৰীয়া ইতিহাস আৰু বৰ্তমানৰ সকলো তথ্য ডিজিটেলাইজ পদ্ধতিৰে হ''ব সংৰক্ষণ –বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰত আনুষ্ঠানিক প্ৰথমটো খোজ –বাণ থিয়েটাৰৰ চন্দ্ৰনা
ডিজিটেলাইজ পদ্ধতিৰে হ'ব সংৰক্ষণ কৰিব ইতিহাস সমৃদ্ধ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ১২৫ বছৰীয়া ইতিহাস আৰু বৰ্তমানৰ সকলো তথ্য


Assam, 10 জানুৱাৰী

অসমৰ সাংস্কৃতিক ইতিহাসক সমৃদ্ধ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ১২৫ বছৰীয়া ইতিহাস আৰু বৰ্তমানৰ সকলো তথ্য ডিজিটেলাইজ পদ্ধতিৰে হ'ব সংৰক্ষণ

–বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰত আনুষ্ঠানিক প্ৰথমটো খোজ

–বাণ থিয়েটাৰৰ চন্দ্ৰনাথ -ৰাধিকান্ত সোঁৱৰণী গ্ৰন্থাগাৰত অংকৰোপণৰ অত্যাধুনিক সুবিধাযুক্ত কম্পিউটাৰাইজ ব্যৱস্থাৰ শুভাৰম্ভ

–তথ্য প্ৰযুক্তিৰ সাম্প্ৰতিক সময়ত বাণ থিয়েটাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অতি আদৰণীয় --ঋতুবৰণ শৰ্মা

–নতুন প্ৰজন্মৰ বাবে সহজলভ্য হ'ব বাণ থিয়েটাৰৰ সকলো তথ্য --বংকিম শৰ্মা

শোণিতপুৰ, ১০ জানুৱাৰী (হি.স.)।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ পৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাকে ধৰি অসমৰ অলেখ জাতীয় জীৱনৰ প্ৰাত :স্মৰণীয় পুৰোধাৰ স্মৃতিৰে গৰিমামণ্ডিত তথা অসমৰ চহকী সাংস্কৃতিক ইতিহাস সমৃদ্ধ কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ১২৫ বছৰীয়া ইতিহাস আধুনিক তথ্য -প্ৰযুক্তিৰে সম্পূৰ্ণ বিজ্ঞানসন্মত ভাৱে উত্তৰ প্ৰজন্মৰ হকে সংৰক্ষণ কৰাৰ সিদ্ধান্তৰ প্ৰথমটো খোজ কালি সন্ধিয়া আৰম্ভ হয় বাণ থিয়েটাৰৰ চন্দ্ৰনাথ -ৰাধিকান্ত সোঁৱৰণী গ্ৰন্থাগাৰত।

উল্লেখ্য যে বাণ থিয়েটাৰ কৰ্তৃপক্ষই ১৯০৬ চনৰ পৰা বাণ থিয়েটাৰৰ চহকী ইতিহাসৰ সকলো তথ্য তথা সকলোবোৰ সম্পদ ডিজিটেলাইজ অৰ্থাৎ অংকৰোপণ কৰি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আধুনিক তথা উন্নতমানৰ কম্পিউটাৰ ব্যৱস্থাৰ সকলো সুবিধা সংস্থাপনেৰে ইয়াৰ প্ৰথমটো খোজ কম্পিউটাৰৰ বুটাম টিপি শুভাৰম্ভ কৰে অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই । বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, উপসভাপতি ভৱানন্দ দাস, মৃগেন চন্দ্র বড়া, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সম্পাদক পংকজ বৰুৱা, দেৱব্ৰত শৰ্মা, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, গ্ৰন্থাগাৰিক ভূপেন বৰুৱা, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, প্ৰেক্ষাগৃহ পৰিচালক মনোৰঞ্জন মহন্ত, কোষাধক্ষ জ্যোতি প্ৰসাদ গোস্বামী, তত্বাৱধায়ক ৰাজীৱ মহন্ত, প্ৰাক্তন সংগীতাধিকাৰ জিন্টু বৰঠাকুৰৰ লগতে কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া, সদস্য-সদস্যাৰ উপস্থিতিত এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই এই ডিজিটেলাইজ ব্যৱস্থাৰ শুভাৰম্ভ কৰে ।

উল্লেখ্য যে তেজপুৰৰ এই জাতীয় অনুষ্ঠানটিয়ে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ বিষয়ে সদৰি হোৱাৰ পিছতেই অনুষ্ঠানটিৰ অন্যতম শুভাকাংক্ষী ঋতুবৰণ শৰ্মাই নিজা তৎপৰতাৰে চৰকাৰী আঁচনিৰ আওতাত নপৰাৰ পিছতো ঐতিহ্যমণ্ডিত অনুষ্ঠানটিলৈ আধুনিক সকলো সা সুবিধা যুক্ত এটি কম্পিউটাৰচেট বাণ থিয়েটাৰলৈ আগবঢ়োৱাৰ পিছত এই শুভাৰম্ভণি অনুষ্ঠানত এখন সভাৰ জৰিয়তে বাণ থিয়েটাৰ কৰ্তৃপক্ষই ঋতুবৰণ শৰ্মাক গামোচা, স্মাৰক আৰু এখন কৃতজ্ঞতা পত্ৰৰে সন্মান জনায়। বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট আৰু সভাপতি বংকিম শৰ্মাই ভাষণ প্ৰদান কৰি বাণ থিয়েটাৰ কৰ্তৃপক্ষই ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ সকলো তথ্য উত্তৰ প্ৰজন্মই সহজে লাভ কৰিব পৰাকৈ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অৱগত কৰে। লগতে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ জাহ্নৱী মধুকল্য নামৰ এগৰাকী শিক্ষাৰ্থীয়ে বাণ থিয়েটাৰৰ ইতিহাসৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ প্ৰসংগও উথ্থাপন কৰে ।

ইয়াৰ পিছতেই এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই ভাষণ প্ৰদান কৰি সাম্প্ৰতিক সময় তথ্য -প্ৰযুক্তিৰ সময় বুলি কৈ এই সময়ৰ লগত খাপ খোৱাকৈ বাণ থিয়েটাৰ পৰিয়ালে বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰৰ মজিয়াৰ পৰাই ১২৫ বছৰীয়া জাতীয় অনুষ্ঠানটিৰ সকলো তথ্য আৰু বৰ্তমানৰ সকলো তথ্যও ডিজিটেলাইজ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি কৈ এনে এক সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ অংশীদাৰ হ'বলৈ পাই নিজে ধন্য হৈছে বুলি বাণ থিয়েটাৰক সকলো বিকাশ আৰু উত্তৰণৰ বাবে আগন্তুক সময়তো সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande