নাজিৰাত আইমাতৃ সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ উদ্দেশ্যে মুকলি হ'ল ৰাধিকা নামৰ বিপনী
শিৱসাগৰ, ১০ জানুৱাৰী (হি.স.)। শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নাজিৰা জিলা শাখাৰ শিশু আইমাতৃ কল্যাণ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ l আইমাতৃ সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ উদ্দেশ্যে মুকলি হ''ল ৰাধিকা নামৰ বিপনী l শ্ৰী মন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ শিশু আই মাতৃ ক
নাজিৰাত আইমাতৃ সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ উদ্দেশ্যে মুকলি হ'ল ৰাধিকা নামৰ বিপনী


শিৱসাগৰ, ১০ জানুৱাৰী (হি.স.)। শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নাজিৰা জিলা শাখাৰ শিশু আইমাতৃ কল্যাণ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ l

আইমাতৃ সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ উদ্দেশ্যে মুকলি হ'ল ৰাধিকা নামৰ বিপনী l শ্ৰী মন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ পৰিচালনাত আই সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ উদ্দেশ্যে 'ৰাধিকা' নামেৰে এখনি অসমীয়া পৰম্পৰাগত পেকেজ খাদ্য বিপনন কেন্দ্ৰ নাজিৰা নগৰৰ দৈনিক বজাৰৰ সমীপত মুকলি কৰা হয়।

বিপনীখন ফিটা কাটি মুকলি কৰে শৰণ সদস্য প্ৰমোদ তামুলীয়ে। বিপনী খনৰ জৰিয়তে আই মাতৃ সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মন্তব্য কৰে।

এই বিপনী খনৰ মুকলি অনুষ্ঠানত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ সভাপতি ধ্ৰুৱজ্যোতি খনিকৰ , সম্পাদক কমল বৰগোঁহাই, মুখ্য উপদেষ্টা দেবেন কোঁৱৰ, জোকতলি আঞ্চলিক শাখাৰ সভাপতি দীপক ভৰালী, জিলাৰ প্ৰচাৰ শাখাৰ সভাপতি দ্ৰুণ বৰগোঁহাই, সাহিত্য সভাৰ সভাপতি অৰুণ গগৈ, জিলাৰ সহকাৰী সম্পাদিকা মঞ্জু ঘৰফলীয়া বড়া , নাজিৰা জিলা শিশু আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী পূৰ্ণীমা শইকীয়া সম্পাদিকা ৰুমী গগৈ, উপ সভানেত্ৰী পলী বৰা, কেন্দ্ৰীয় সদস্যা ৰঞ্জু হাতীমূৰীয়া, জিলা সংস্কৃতি শাখাৰ সম্পাদক বিপ্লৱ দত্ত, সেৱা বাহিনীৰ কেন্দ্ৰীয় সদস্য কিশোৰ ডেকা, জিলা উপ অধিনায়ক মুকুন্দ বৰুৱা, আঠখেল আঞ্চলিক শাখাৰ সভাপতি খৰ্গেশ্বৰ গগৈ, সম্পাদক প্ৰফুল্ল দুৱৰা, কেন্দ্ৰীয় শিক্ষা সমিতিৰ সদস্যা ৰেখা তামুলী, ধোপাবৰ আঞ্চলিক শাখাৰ সম্পাদিকা জ্যোতি সন্দিকৈ সহ বহু কেইগৰাকী নাজিৰা জিলা শাখাৰ বিষয়ববীয়া তথা শুভাকাংক্ষী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande