
শোণিতপুৰ, ১০ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ এৰাগাঁও বাসী ৰাইজ ভেলাঘৰ নিৰ্মানত ব্যস্ত lহেপাহৰ মাঘ বিহুলৈ কেইটামান দিন বাকী।ৰাজ্যবাসী প্ৰস্তুত হৈছে হেপাহৰ মাঘ বিহুক আদৰিবলৈ। ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে প্ৰত্যেক বছৰৰ দৰে শোণিতপুৰৰ বালিপৰাৰ এৰাগাঁওত মাঘ বিহুৰ দিনা ৰাইজে একেলগে এসাঁজ খোৱাৰ পৰম্পৰা অটুট ৰাখিবৰ বাবে নিৰ্মান কৰিছে ভেলাঘৰ।
ভেলাঘৰটো নিৰ্মান কৰিবৰ বাবে কোনোৱে যদি কাটিছে নৰা,কোনোৱে আকৌ কাটিছে বাহ ।এনেদৰেই এতিয়া বালিপৰাৰ এৰাগাঁও বাসী ৰাইজে বনাইছে ভেলাঘৰ। উৰুকাৰ নিশা গাওবাসী একেলগে সমূহীয়া ভাবে ভোজভাত খোৱাৰ প্ৰস্তুতি কৰিছে। গাওখনৰ ডেকা,বৃদ্ধ,শিশু,মহিলা,যুৱতী জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ভেলাঘৰৰ তলত ভোজভাত খোৱাৰ প্ৰস্ততি আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু