
–মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত গদ্য সাহিত্যৰ জনক বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য্যৰ ৩৮৭ তম তিৰোভাৱ তিথি উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী সম্পন্ন –তেজপুৰৰ বিশিষ্ট কথাশিল্পী ,অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুৰেশ কুমাৰ আৰ্য্যক গদ্য সাহিত্যসেৱী বঁটা প্ৰদান –২০২৫ বৰ্ষত কৃতিত্বৰ পৰিচয় দিয়া তেজপুৰৰ পাঁচগৰাকী লোকক বিশেষভাৱে অভিনন্দন জ্ঞাপন –বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য্যৰ বাবেই গদ্য সাহিত্যৰে সমৃদ্ধ হ'বলৈ সক্ষম হ'ল অসমীয়া সাহিত্য --ড০ সুৰেশ কুমাৰ আৰ্য্য –শংকৰোত্তৰ কালৰ কবি -সাহিত্যিক সকলৰ ভিতৰত অন্যতম আছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য্য --ভূপেন শৰ্মা –মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ হলেশ্বৰ শাখা গঠন
শোণিতপুৰ, ১০ জানুৱাৰী (হি.স.)। অসমত প্ৰথম সত্ৰ-সংস্কৃতিৰ প্ৰতিষ্ঠাৰে জাতি-বৰ্ণ নিৰ্বিশেষে লিংগ বৈষম্যহীন এখন বৰ অসমৰ স্ৰষ্টা, আধ্যাত্মিক গুৰু দেৱ দামোদৰ দেৱৰ প্ৰপন্ন শিষ্য ভাৰতৰ গদ্য সাহিত্যৰ জনক শ্ৰী শ্ৰী বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য্য (ভট্টদেৱ) ৩৮৭ তম তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি তেজপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় প্ৰাংগনত গদ্য সাহিত্য দিৱস সম্পন্ন হয় ।
মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভট্টদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা এই অনুষ্ঠানতে তেজপুৰৰ বিশিষ্ট কথা সাহিত্যিক, তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সুৰেশ কুমাৰ আৰ্য্যক গদ্য সাহিত্যসেৱী বঁটা ৰে বিভূষিত কৰে । আনহাতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোনিতপুৰ জিলা সমিতিৰ সংঘাধিকাৰ অৰুণ কুমাৰ শৰ্মাৰ পৌৰোহিত্যত সংঘাধিকৰ্তা ডা০ যুগল কৃষ্ণ ডেকাই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটিত ২০২৫ বৰ্ষত বিভিন্ন ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা সংঘৰ কেবাগৰাকীও শুভাকাংক্ষীক বিশেষভাৱে অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰি বৰণ কৰে ।
উল্লেখ্য শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় উন্নতি সাধিনী সভাৰ সহযোগত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানটিৰ আৰম্ভণিতে শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় উন্নতি সাধনী সভাৰ সভাপতি তথা তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰে আদৰণী ভাষণ প্ৰদান কৰে।ইয়াৰ পিছতেই ২০২৫ বৰ্ষটিত সদৌ অসম লেখিকা সমাৰোহ সমিতিকে ধৰি ৰাজ্যখনৰ তিনিটাকৈ বিশেষ অনুষ্ঠানৰ দ্বাৰা এগৰাকী দায়ৱদ্ধ সাংবাদিক হিচাপে বঁটা লাভ কৰা তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱা, অসম নাট্য সন্মিলনৰ প্ৰফুল্ল চন্দ্ৰ শৰ্মা সোঁৱৰণী পূৰ্ণাংগ নাটৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা নাট্যকাৰ, লেখক দেৱব্ৰত শৰ্মা, মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ সহ সংঘাধিকৰ্তা তথা জিলা কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত ভূপেন বৰদলৈ, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ড০ জাহ্নৱী মধুকল্য আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা ড০ চয়নিকা লহকৰক বিশেষভাৱে গামোচা আৰু অভিনন্দন পত্ৰৰে বৰণ কৰে ।
অনুষ্ঠানটিত তেজপুৰৰ শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই গদ্য সাহিত্যসেৱী বঁটা প্ৰাপক বিশিষ্ট কথাশিল্পী ড০ সুৰেশ কুমাৰ আৰ্য্যৰ জীৱন পৰিচিতি দাঙি ধৰাৰ পিছতেই ড০ আৰ্য্যক গামোচা, অংগ বস্ত্ৰ, গ্ৰন্থৰ টোপোলা, স্মাৰক, শৰ্মাই আৰু প্ৰশস্তিৰে গদ্য সাহিত্যসেৱী বঁটাৰে বিভূষিত কৰে ।এই সন্মান গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুৰেশ কুমাৰ আৰ্য্যই মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ দেৱৰ প্ৰপন্ন শিষ্য বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য্যৰ বদান্যতাৰ বাবেই অসমীয়া গদ্য সাহিত্যৰ আজি অসমীয়া ভাষা -সাহিত্য সমৃদ্ধ হ'বলৈ পালে বুলি মন্তব্য কৰি অসমত প্ৰথম নাৰী সমাজক ন্যায্যতা প্ৰদান কৰা নাৰীৰ অধিকাৰক জাগ্ৰত কৰা ভট্টদেৱেই আছিল বুলি মন্তব্য কৰে । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাইও মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ দেৱ আৰু বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য্যৰ জীৱন -দৰ্শন আৰু গদ্য সাহিত্যৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা অনুষ্ঠানটিত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য্যৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে তেজপুৰৰ জ্যেষ্ঠ নাট্যশিল্পী ,বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক তথা শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উপ সংঘাধিকাৰ ভূপেন শৰ্মাই ।
ভাষণ প্ৰসংগত শৰ্মাই অসমৰ শংকৰোত্তৰ কালৰ যিসকল কবি -সাহিত্যিক আছিল তাৰ ভিতৰত ভট্টদেৱ অন্যতম আছিল বুলি মন্তব্য কৰি ভট্টদেৱৰ সকলো শাস্ত্ৰতে অগাধ ব্যুৎপত্তি আছিল বুলি কয় । ১৫৫৮ খ্ৰীষ্টাব্দত কামৰূপ জিলাৰ বৰ্তমানৰ বিচান কুছিত জন্ম গ্ৰহণ কৰা ভট্টদেৱে কথা গীতা, কথা ৰত্নাৱলী কথা ভাগৱত গদ্য সাহিত্য হিচাপে ৰচনা কৰাৰ উপৰি অসমীয়া ভাষাত শৰণ মালিকা ,গুৰু বংশাৱলী আৰু সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তি বিবেক ৰচনা কৰিছিল বুলি কয় । ভট্টদেৱে গদ্য সাহিত্য ৰচনা কৰাৰ আগতে কোনো ভাৰতীয় ভাষাত গদ্যত পুথি ৰচনা হোৱা নাছিল বুলি মন্তব্য কৰি ভূপেন শৰ্মাই সেয়েহে সেই কালৰ মানুহে তেওঁক ব্যাসৰ অবতাৰহেন জ্ঞান কৰিছিল বুলি কৈ তেওঁৱেই পাটবাউসী সত্ৰ আৰু ব্যাসকুছি সত্ৰ স্থাপন কৰিছিল আৰু তাতেই ১৬৩৮ খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰে বুলি উল্লেখ কৰি গদ্য সাহিত্যৰ জনক গৰাকীৰ বিভিন্ন দিশ আলোকপাত কৰে ।
উল্লেখ্য যে বাণ থিয়েটাৰৰ সভাপতি , বিশিষ্ট গীতিকাৰ -সুৰকাৰ বংকিম শৰ্মা , তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতা , অৱসৰপ্ৰাপ্ত শিক্ষক তথা নাট্যকাৰ দ্বীজেন্দ্ৰ নাথ শৰ্মা , হলেশ্বৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী দেৱেশ্বৰ শৰ্মা , তেজপুৰৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ উপসভাপতি তৰুণ লহকৰ ,শোণিতপুৰ যোগ ক্রীড়া সন্হাৰ সম্পাদক নমিতা ডেকা লহকৰ ,সংস্কৃতাৰ প্ৰাক্তন সভানেত্ৰী মামু শৰ্মা, হলেশ্বৰ দেৱালয় উন্নতি সাধনী সভাৰ সম্পাদক প্ৰমোদ নাথ,পদুম নাথাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটিত অভিনন্দন জ্ঞাপন কৰা পংকজ বৰুৱা আৰু দেৱব্ৰত শৰ্মাইও নিজৰ অনুভৱ সদৰি কৰে ।
আনহাতে এই অনুষ্ঠানতে জিতেন বৰঠাকুৰ ,প্ৰমোদ নাথক উপদেষ্টা, পদুম নাথক সভাপতি, দেৱেশ্বৰ শৰ্মাক উপসভাপতি, অৰূপ গোস্বামীক সম্পাদক ,প্ৰবাল বৰাক সহকাৰী সম্পাদক হিচাপে লৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ হলেশ্বৰ শাখাৰ আহ্বায়ক সমিতিখন গঠন কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ