নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড
নগাঁৱ, ১০ জানুৱাৰী (হি.স.)। নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড । চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই । স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহন খন পথৰ কাষৰ পুখুৰীলৈ ঠেলি পঠিয়াই । ঘটনাত কোনো লোক হতাহত হোৱা নাই । বৰঘাট আৰ
নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড


নগাঁৱ, ১০ জানুৱাৰী (হি.স.)। নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড । চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই ।

স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহন খন পথৰ কাষৰ পুখুৰীলৈ ঠেলি পঠিয়াই । ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে অগ্নিদগ্ধ বাহনখন l

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি বাহন খনৰ ইঞ্জিনত বিজুতি ঘটি অথবা বাহন খনত থকা এ চিৰ বিজুতি ঘটি অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। যানবাহন আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰা তথ্য় অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে চলন্ত বাহনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কেইবাটাও ঘটনা পঞ্জীয়ন কৰা আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande