চাপৰ আৰক্ষীৰ অভিযানত নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক তিনি সৰবৰাহকাৰী
চাপৰ আৰক্ষীৰ বৃহৎ সফলতা।
চাপৰ আৰক্ষীৰ অভিযানত নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক তিনি সৰবৰাহকাৰী


ধুবুৰী, ১০ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা। যোৱা কালি শুকুৰবাৰে নিশা চাপৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ। লগতে আটক কৰা হয় তিনি সৰবৰাহকাৰী। যাত্ৰীবাহী নৈশ বাছত অভিযান চলাই চাপৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় দহ লক্ষ্যাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।আটক ড্ৰাগছ সৰবৰাহকাৰী তিনিজন ক্ৰমে ছাউথ শালমাৰা ফকিৰগঞ্জৰ ফুলবোৰ আলী, ‌হুছেইন আলী আৰু গৌৰীপুৰৰ আলাউদ্দিন সেখ বুলি জানিব পৰা যায় । চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান।

এক গোপন সুত্ৰৰ পোম খেদি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাপৰৰ ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলায় এক অভিযান। গুৱাহাটীৰ পৰা ধুবুৰী অভিমূখে আহি থকা এখন যাত্ৰীবাহী নৈশ বাছত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ তথা ড্ৰাগছ। ১০ টাকৈ চাবোনৰ বাকচত ১১১ গ্ৰাম ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত হাতে লোটে আটক কৰিবলৈ সক্ষম হয় তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক। পিছত চাপৰ আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি জব্দকৃত ড্ৰাগছসহ তিনিওকে থানালৈ লৈ আহে আৰু ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande