কলাইগাঁওত বাগুৰুম্বা নৃত্যৰ আখৰা
দৰং, ১০ জানুৱাৰী (হি.স.)। কলাইগাঁওত বাগুৰুম্বা নৃত্যৰ আখৰা । ৰাজ্য চৰকাৰৰ পৰিকল্পনা অনুসৰি বিহু, ঝুমুৰৰ পিছত বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য প্রদর্শন কৰিবলৈ সাজু হৈছে যুৱতী-মহিলা সকল। টংলা সমষ্টিৰ কলাইগাওঁ ৰণথলি ষ্টেডিয়ামত এনেদৰে আখৰাত ব্যস্ত শিল্পী
কলাইগাঁওত বাগুৰুম্বা নৃত্যৰ আখৰা


দৰং, ১০ জানুৱাৰী (হি.স.)। কলাইগাঁওত বাগুৰুম্বা নৃত্যৰ আখৰা । ৰাজ্য চৰকাৰৰ পৰিকল্পনা অনুসৰি বিহু, ঝুমুৰৰ পিছত বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য প্রদর্শন কৰিবলৈ সাজু হৈছে যুৱতী-মহিলা সকল। টংলা সমষ্টিৰ কলাইগাওঁ ৰণথলি ষ্টেডিয়ামত এনেদৰে আখৰাত ব্যস্ত শিল্পী সকল। ১৭ জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্রদর্শন কৰা হব বাগুৰুম্বা নৃত্য।

জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা বাগুৰুম্বা নৃত্যৰ আখৰাত অংশগ্ৰহণ কৰিবলৈ যুৱতী মহিলা সকল কলাইগাওঁৰ ৰণথলি ষ্টেডিয়ামত উপস্থিত হয়।পুৱাৰ পৰা তেওলোক ষ্টেডিয়ামত উপস্থিত থাকি নৃত্য়ৰ আখৰাত ব্য়স্ত থাকে। প্ৰশিক্ষকে নৃত্য়ৰ বিভিন্ন ভংগীমা যুৱতী মহিলা সকলক প্ৰদৰ্শন কৰি উতসাহিত কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande