বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শুক্লাই'ৰ বাৰ্ষিক দিৱস পালন
ওদালগুৰি, ১০ জানুৱাৰী (হি.স.)। বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শুক্লাই''ৰ বাৰ্ষিক দিৱস পালন l ছাত্ৰ, ছাত্ৰীৰ গীত, মাত, নৃত্যই জীপাল কৰি তোলে সভাৰ পৰিবেশ l বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শুক্লায়ে আজি সমস্ত ভাৰত পৰ্বৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ বাৰ্ষিক দিৱস
বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শুক্লাই'ৰ বাৰ্ষিক দিৱস পালন


ওদালগুৰি, ১০ জানুৱাৰী (হি.স.)। বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শুক্লাই'ৰ বাৰ্ষিক দিৱস পালন l ছাত্ৰ, ছাত্ৰীৰ গীত, মাত, নৃত্যই জীপাল কৰি তোলে সভাৰ পৰিবেশ l বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শুক্লায়ে আজি সমস্ত ভাৰত পৰ্বৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ বাৰ্ষিক দিৱস দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে ।

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় শুক্লাইৰ অধ্যক্ষ সুমন ধৰে আনুষ্ঠানিক ভাবে উদ্বোধন কৰা সভাখনত মূখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে ৷ অনুষ্ঠানত তেও বন্তি প্ৰজ্বলন কৰাৰ লগতে বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালী , সাহিত্য আদি প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কৃত কৰে ।

বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰ্মলা সিনহাই আতধৰা সভাখনত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন গীত, নৃত্য আদিৰে জীপাল কৰি তোলা সভাখনত শুক্লাই চেৰফাং ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দিগন্ত বেজবৰুৱা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক প্ৰমোদ শৰ্মাৰ লগতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

অনুষ্ঠানত পুৱা ১০ বজাত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি কৰে মাগুৰমাৰী কলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তপেশ্বৰ কলিতাই ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande