((আপডেট) তামিলনাডুৰ ৰেলীত থেলা হেঁচাত ৩৯ জন লোকৰ মৃত্যু, বিভিন্ন জনৰ শোক প্ৰকাশ
কাৰুৰ, ২৮ ছেপ্টেম্বৰ (হি স) । তামিলনাডুৰ কাৰুৰ জিলাত তামিলনাডু ভেট্ৰি কলাগাম (টিভিকে) দলৰ নেতা জোচেফ বিজয়ে আয়োজন কৰা এক ৰেলীত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ ফলত ৩৯ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত আছে ৮ টা শিশু আৰু ১৬ গৰাকী মহিলা আছে। বিভিন্ন
तमिलनाडु की रैली में भगदड़ से 39 लोगों की मौत


কাৰুৰ, ২৮ ছেপ্টেম্বৰ (হি স) । তামিলনাডুৰ কাৰুৰ জিলাত তামিলনাডু ভেট্ৰি কলাগাম (টিভিকে) দলৰ নেতা জোচেফ বিজয়ে আয়োজন কৰা এক ৰেলীত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ ফলত ৩৯ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত আছে ৮ টা শিশু আৰু ১৬ গৰাকী মহিলা আছে। বিভিন্ন চিকিৎসালয়ত প্ৰাণ ৰক্ষাৰ বাবে যুঁজি আছে ৫০ জনতকৈ অধিক আহত লোকে। এই ঘটনাই সমগ্ৰ ৰাষ্ট্ৰকেই স্তম্ভিত কৰি তুলিছে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰি সমবেদনা ব্য়ক্ত কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনাইছে।

দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কাৰুৰৰ ভেলুছামিপুৰম অঞ্চলত অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা জোচেফ বিজয়ৰ ভেলিচাম ভেলিয়েৰু নিৰ্বাচনী সভাত থেলাহেঁচাত ৩৯ জন লোকৰ মৃত্যু হয়। ৫০ জনতকৈ অধিক আহত লোক চিকিৎসাধীন হৈ আছে।

আৰ্থিক সাহায্য আৰু তদন্ত ঘোষণা–

মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে মৃতকৰ পৰিয়ালক ১০ লাখ টকা আৰু আহতসকলক ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে। এই ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা জগাথিশনৰ নেতৃত্বত এক সদস্যৰ দল গঠন কৰিছে।

ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন দলৰ নেতাই শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। জোচেফ বিজয়ে এক্স মাধ্য়মেৰে কৰি নিজৰ হৃদয় বিদাৰক আৰু অসহ্যকৰ যন্ত্ৰণা প্ৰকাশ কৰে। তেওঁ মৃতকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

এআইএডিএমকেৰ সাধাৰণ সম্পাদক তথা দলৰ নেতা এদাপ্পাদি পালানিস্বামীয়ে শোক বাৰ্তা জাৰি কৰি কয় যে কাৰুৰ নিৰ্বাচনী সভাত ৩৯ জনৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে বহু লোক অচেতন হৈ পৰা এই হুলস্থুলৰ খবৰে গভীৰ ব্য়থিত কৰি তুলিছে। দলৰ তৰফৰ পৰা প্রাক্তন মন্ত্রী বিজয়ভাস্কৰক চৰকাৰী চিকিৎসালয়লৈ গৈ তাত ভৰ্তি হোৱা লোকসকলক সহায় কৰিবলৈ নির্দেশ দিছে ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande