চীডৰ্ফামত নগাই মজুত ৰখা তৈলখেজুৰৰ পুলি ঘুৰাই নিনিয়াত পুনৰ প্ৰতিবাদ
গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ চীডৰ্ফামত নগাই মজুত ৰখা তৈলখেজুৰৰ পুলি ঘুৰাই নিনিয়াত পুনৰ প্ৰতিবাদত বহিছে স্থানীয় ৰাইজ। পূৰ্বতে স্থানীয় ৰাইজ দল সংগঠনৰ দাবীৰ পৰিপেক্ষিতত গোলাঘাট জিলা প্ৰশাসনে ২৪ ছেপ্টেম্বৰৰ ভিতৰত চীডফাৰ্মৰ পৰা পাম অইলৰ
চীডৰ্ফামত নগাই মজুত ৰখা তৈলখেজুৰৰ পুলি ঘুৰাই নিনিয়াত পুনৰ প্ৰতিবাদ


গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ চীডৰ্ফামত নগাই মজুত ৰখা তৈলখেজুৰৰ পুলি ঘুৰাই নিনিয়াত পুনৰ প্ৰতিবাদত বহিছে স্থানীয় ৰাইজ। পূৰ্বতে স্থানীয় ৰাইজ দল সংগঠনৰ দাবীৰ পৰিপেক্ষিতত গোলাঘাট জিলা প্ৰশাসনে ২৪ ছেপ্টেম্বৰৰ ভিতৰত চীডফাৰ্মৰ পৰা পাম অইলৰ পুলি উভটাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও জিলা প্ৰশাসন ব্যৰ্থ হোৱাৰ পাছতে আজি পুনৰ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী লোক সকলে।

স্থানীয় ৰাইজৰ লগত প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চাহ জনজাতি ছাত্র সন্থাই। প্ৰতিবাদকাৰী সকলে চীডৰ্ফামৰ চিআৰপিএফ চাউনীৰ প্ৰৱেশপথত অৱস্থান কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে, অসমভূমিৰ চীডফাৰ্মত নগাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি পাম অইলৰ খেতি কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় অসমীয়া ৰাইজ। তৈল খেজুৰৰ পুলি শীঘ্ৰেই নগালেণ্ডলৈ উভটাই নিনিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande