কোকৰাঝাৰ , ২৩ ছেপ্তেম্বৰ (হি.স.)। গোসাঁইগাঁৱত কিশোৰীক ধর্ষণ । অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধর্ষণ আদহীয়া ব্যক্তিৰ। হাতে লোটে আটক ৫০ ৰ উৰ্ধৰ এজন লোকজনক।
লোকজন গোসাঁইগাঁবৰ ভদেয়াগুৰি গাঁৱৰ লম্পট আইনুল শেইখ বুলি চিনাক্ত কৰা হৈছে। এগৰাকী হিন্দু কিশোৰীক ধর্ষণ কৰে লম্পট চৰিত্ৰৰ লোকজনে। এই ঘটনা সন্দৰ্ভত গোসাঁইগাঁও থানাত ভুক্তভোগী পৰিয়ালে গোচৰ ৰুজু কৰে। আইনুল শেখৰ বিৰুদ্ধে ১৪১/২৫ নম্বৰত ১২৬(২)/১২৭(২)/৬৫(১) ধাৰাত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত চলায় আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ