চাপৰত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিল হাজাৰ হাজাৰ আদিবাসী ৰাইজ
ধুবুৰী ২৩ ছেপ্তেম্বৰ (হি.স.)। ইতিমধ্যে আজি সম্পন্ন হল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। বিগত চাৰিদিন ধৰি চহৰ, নগৰ, গাঁৱে ভূঞে কেবল জুবিন জুবিন আৰু জুবিন। জুবিন গাৰ্গৰ অৱদানক স্মৰণ কৰি ৰাজ্যজুৰি শোঁক। পিছ পৰি ৰৈ থকা নাই চাহ বাগিচা অঞ্চল। চাপৰ, কৃষ
চাপৰত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিল হাজাৰ হাজাৰ আদিবাসী ৰাইজ


ধুবুৰী ২৩ ছেপ্তেম্বৰ (হি.স.)। ইতিমধ্যে আজি সম্পন্ন হল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। বিগত চাৰিদিন ধৰি চহৰ, নগৰ, গাঁৱে ভূঞে কেবল জুবিন জুবিন আৰু জুবিন। জুবিন গাৰ্গৰ অৱদানক স্মৰণ কৰি ৰাজ্যজুৰি শোঁক। পিছ পৰি ৰৈ থকা নাই চাহ বাগিচা অঞ্চল।

চাপৰ, কৃষ্ণকলি আৰু চৈবাৰী চাহ বাগিচাত ৰাইজে স্বটস্ফূৰ্ট ভাবে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিল। য'ত বাগিচা বন্ধ কৰি প্ৰায় ১০ হাজাৰ আদিবাসী লোক সকল ওলাই আহিল শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ নিজৰ প্ৰিয় আপোন শিল্পী গৰাকীক। চাহ শ্ৰমিকৰ লগতে আদিবাসী লোক সকলে প্ৰথমে বাগিচায় বাগিচায় প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ উলিয়াই বিশাল সমদল। পিছলৈ সকলোৱে সমবেত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পন কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জনায় প্ৰিয় শিল্পী গৰাকীক। জুবিন গাৰ্গে গোৱা আদিবাসী গীত আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন গীত পৰিৱেশন কৰিও জনায় শ্ৰদ্ধা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande