পূজা, দীপাৱলী আৰু ছট উৎসৱ উপলক্ষ্যে এন এফ ৰেলৱেৰ ৪৬ খন উৎসৱ বিশেষ ৰে'ল চলাচল
গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)। অনাগত পূজা, দীপাৱলী আৰু ছট উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই বিভিন্ন পথত কেইবাখনো উৎসৱ বিশেষ ৰে''ল চলোৱাৰ কথা ঘোষণা কৰিছে। এই ৰে''ল সমূহ উৎসৱৰ সমাগমৰ সময়ত যাত্ৰীসকলক অতি
ভাৰতীয় ৰেল


গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)। অনাগত পূজা, দীপাৱলী আৰু ছট উৎসৱৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই বিভিন্ন পথত কেইবাখনো উৎসৱ বিশেষ ৰে'ল চলোৱাৰ কথা ঘোষণা কৰিছে। এই ৰে'ল সমূহ উৎসৱৰ সমাগমৰ সময়ত যাত্ৰীসকলক অতিৰিক্ত ভ্ৰমণ সুবিধা প্ৰদান কৰিব।

অন্যান্য ৰে'ল সমূহৰ সৈতে বিশেষ ৰে'ল সমূহে কাটিহাৰ, সোনপুৰ, দৌৰাম মাধেপুৰা, মণিহাৰী, আগৰতলা, ধৰ্মনগৰ, নিউ তিনিচুকীয়া, এছএমভিটি বেংগালুৰু, অমৃতসৰ, নিউ জলপাইগুড়ী, গোমতীনগৰ, কিষাণগঞ্জ, নৰকটিয়াগঞ্জ, পাটনা, ডিব্ৰুগড়, গোৰখপুৰ, শিলচৰ, নাহৰলগুন, কলকাতা আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ গন্তব্য স্থানসমূহৰ সৈতে সংযোগ স্থাপন কৰিব। এই সেৱাসমূহ ঘোষণা কৰা অনুসাৰে ছেপ্টেম্বৰ আৰু ডিচেম্বৰ ২০২৫ৰ মাজত দৈনিক, সাপ্তাহিক আৰু ত্ৰি-সাপ্তাহিক ভিত্তিত চলাচল কৰিব।

ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰেলৱেই এই অঞ্চলৰ পৰা আৰু বিভিন্নগন্তব্য স্থান সংযোগী অন্যান্য জ’নেল ৰেলৱেৰ অন্তৰ্গত ৰে'ল পৰিচালনৰ দ্বাৰাও যাত্ৰীৰ চলাচলৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ভিতৰত মুম্বাই-কাটিহাৰ, বেংগালুৰু-নাৰেঙ্গী, চাৰলাপল্লী-নাহৰলগুন, শালিমাৰ-ৰঙাপাৰা নৰ্থ, আগ্ৰা কেন্ট-যোগবানী, কলকাতা-নিউ জলপাইগুড়ী, হাওড়া-লামডিং, আনন্দ বিহাৰ-যোগবানী আদিৰ লগতে অন্যান্য ৰে'ল সেৱা অন্তৰ্ভুক্ত থাকিব।

এই উৎসৱৰ সময়ত সৰ্বমুঠ ২৩ যোৰ(৪৬ খন ৰে'ল)পৰিচালন কৰা হ’ব। এই উৎসৱ বিশেষ ৰে'ল সমূহ প্ৰৱৰ্তনৰ লক্ষ্য হৈছে যাত্ৰীসকলক আৰামদায়ক ভ্ৰমণ সুবিধা প্ৰদান কৰা আৰু উৎসৱৰ সময়ত সুগমৰেল চলাচল নিশ্চিত কৰা। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ পৰিকল্পনাৰ পূৰ্বে চৰকাৰী উৎসৰ পৰা ৰে'লৰ সময়, ষ্টপেজ আৰু গঠনৰ বিস্তৃত বিৱৰণ অৱলোকন কৰিবলৈ অনুৰোধ জনায ৰেলৱে কৰ্তৃপক্ষই।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande