বাক্সা ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোট কেন্দ্ৰত আক্ৰমনৰ ঘটনা
বাক্সা, ২২ ছেপ্টেম্বৰ (হি.স.)। বাক্সা ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোট কেন্দ্ৰত আক্ৰমনৰ ঘটনা। ২৪ নং চেমেঠিয়াপাৰা ভোটকেন্দ্ৰত সংঘটিত হৈছে ভোট দিবলৈ অহা মহিলাক আক্ৰমনৰ ঘটনা । চুৰিৰে ডিঙিত ৰেপি হত্যাৰ চেষ্টা মহিলাগৰাকীক। তেজেৰে লুতুৰি পুতুৰি আহত মহি
বাক্সা ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোট কেন্দ্ৰত আক্ৰমনৰ ঘটনা


বাক্সা, ২২ ছেপ্টেম্বৰ (হি.স.)। বাক্সা ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোট কেন্দ্ৰত আক্ৰমনৰ ঘটনা। ২৪ নং চেমেঠিয়াপাৰা ভোটকেন্দ্ৰত সংঘটিত হৈছে ভোট দিবলৈ অহা মহিলাক আক্ৰমনৰ ঘটনা ।

চুৰিৰে ডিঙিত ৰেপি হত্যাৰ চেষ্টা মহিলাগৰাকীক। তেজেৰে লুতুৰি পুতুৰি আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তী। মহিলাগৰাকীক আক্ৰমন কৰিয়ে স্কুটি লৈ পলাতক ঘাটক বিনয় বড়ো নামৰ লোকজন। ঘাটক বিনয় বড়োৰ ঘৰ আঠিয়াবাৰী বাদুলিপাৰাত। ঘটনাস্থলিত উপস্থিত আঠিয়াবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দল। ভোট কেন্দ্ৰত নিৰাপত্তাব্যৱস্থা কটকটীয়া নোহোৱাৰ কাৰনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande