
নতুন দিল্লী, ১৮ ডিচেম্বৰ (হি.স.)। টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া (ট্ৰাই)ই নৱেম্বৰ মাহত গুজৰাটৰ চুৰট চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত মোবাইল নেটৱৰ্ক সেৱাৰ মানদণ্ডৰ ওপৰত অনুষ্ঠিত হোৱা ইণ্ডিপেণ্ডেণ্ট ড্ৰাইভ টেষ্ট (আই ডি টি)ৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে ভইচ আৰু ডাটা সেৱাত ভাল প্ৰদৰ্শন কৰাৰ বিপৰীতে ৫জি আৰু ৪জি ডাটা স্পীডত জিঅ’ই আগবাঢ়ি আছে।
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰিলায়েন্স জিঅ’ আৰু ভোডাফোন-আইডিয়া (ভিআই)ই ২জি আৰু থ্ৰীজি ভইচ সেৱাত ১০০ শতাংশ কল সফলতাৰ হাৰ লাভ কৰাৰ বিপৰীতে এয়াৰটেলৰ কল সফলতাৰ হাৰ ৯৯.৫৫ শতাংশ আৰু বিএছএনএলৰ ৯২.৮২ শতাংশ। এয়াৰটেল আৰু ভোডাফোন-আইডিয়াৰ কল ড্ৰপ ৰেট শূন্য, জিঅ’ৰ ০.১৫ শতাংশ আৰু বিএছএনএলৰ ৪.১০ শতাংশ। কলৰ মানদণ্ডৰ পৰিমাপ গড় মতামত স্ক’ৰ (এম অ’ এছ)ত ভোডাফোন আইডিয়াই ৪.৪৮ স্ক’ৰেৰে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়ায়।
ডাটা সেৱাৰ অটো-চেলেকচন মোড (৫জি, ৪জি, ৩জি, ২জি)ত গড় ডাউনলোড গতিৰ ক্ষেত্ৰত ৰিলায়েন্স জিঅ’ই ২৭৯.৩৬ এমবিপিএছৰ সৈতে প্ৰথম স্থান লাভ কৰে। এয়াৰটেলৰ গড় ডাউনলোড গতি ১৪৯.১১ এমবিপিএছ, আনহাতে ভোডাফোন আইডিয়াৰ ৪৫.০২ এমবিপিএছ, আৰু বিএছএনএলৰ ৪.৮৩ এমবিপিএছ। ইয়াৰ উপৰিও জিঅ’ই ৪৬.৫৪ এমবিপিএছেৰে আপলোড স্পীডত আগবাঢ়ি আছে। লেটেন্সিৰ ক্ষেত্ৰত ভোডাফোন আইডিয়া আৰু জিঅ’ই আন কোম্পানীতকৈ ভাল প্ৰদৰ্শন কৰে।
ট্ৰাইৰ জয়পুৰ আঞ্চলিক কাৰ্যালয়ে নিযুক্তি দিয়া সংস্থাটোৱে ৩ৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত গুজৰাট লাইচেন্স এৰিয়াত (এল এছ এ) ড্ৰাইভ পৰীক্ষা চলাইছিল। এই পৰীক্ষাত চুৰাট চহৰৰ ডাইমণ্ড নগৰ, উধনা, ভেস্তান, শচীন, পাণ্ডেছাৰা, ভেছু, আদাজান, ৰেণ্ডাৰ, কাটাৰগাম, মোটা বাৰাছা, নিউ চিটি লাইট, পাৰ্লে পইণ্টকে ধৰি প্ৰধান বাণিজ্যিক আৰু আৱাসিক অঞ্চলসমূহ সামৰি লোৱা হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ