বাজপেয়ীয়ে কৈছিল-জনপ্ৰিয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি হোৱাটো সংসদীয় গণতন্ত্ৰৰ বাবে শুভ নহয়
নতুন দিল্লী, ১৭ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ এজন পুৰোধা পুৰুষ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বিশ্বাস কৰিছিল যে সংখ্যাগৰিষ্ঠতাৰ বলত জনপ্ৰিয় প্ৰধানমন্ত্ৰী এগৰাকী ৰাষ্ট্ৰপতি হোৱাটো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে ভাল
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী


নতুন দিল্লী, ১৭ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ এজন পুৰোধা পুৰুষ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বিশ্বাস কৰিছিল যে সংখ্যাগৰিষ্ঠতাৰ বলত জনপ্ৰিয় প্ৰধানমন্ত্ৰী এগৰাকী ৰাষ্ট্ৰপতি হোৱাটো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহ’ব আৰু ই এক অতি ভুল নজিৰ হ’ব।

যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ২০২৭ চনত ৰাষ্ট্ৰপতি হ’ব বুলি জল্পনা-কল্পনাৰ চৰ্চা চলিছে, সেই সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকালত তেওঁৰ মিডিয়া উপদেষ্টা হিচাপে কৰ্মৰত জ্যেষ্ঠ সাংবাদিক অশোক টেণ্ডনে লিখা এখন গ্ৰন্থত অটল বিহাৰী বাজপেয়ীৰ এই মতামতক আলোকপাত কৰা হৈছে। এই গ্ৰন্থখন বুধবাৰে ইয়াত উন্মোচন কৰা হয় ।

দৰাচলতে ২০০২ চনত বাজপেয়ীৰ নেতৃত্বত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এনডিএ)ৰ চৰকাৰে নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম বিবেচনা কৰি আছিল। সেই সময়ত লেখকে বাজপেয়ীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কৰ্মৰত আছিল। গ্ৰন্থখনত অশোক টেণ্ডনে লিখিছে যে ড° পি.চি. আলেকজেণ্ডাৰ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এজন প্ৰভাৱশালী সহকৰ্মী ডাঃ আলেকজেণ্ডাৰৰ সৈতে ব্যক্তিগত যোগাযোগত আছিল আৰু তেওঁ তেওঁক বাজপেয়ীৰ দূত হোৱাৰ দৰে ইংগিত দিছিল। আনহাতে একেজন ভদ্ৰলোকে বাজপেয়ীক পতিয়ন নিয়াবলৈ অহৰহ চেষ্টা কৰি আছিল যে এজন খ্ৰীষ্টান ড° আলেকজেণ্ডাৰক ৰাষ্ট্ৰপতি পদৰ মনোনয়নৰ বাবে মনোনীত কৰা উচিত। ইয়াৰ ফলত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী অস্বস্তিত পৰিব আৰু তেওঁৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা বিপন্ন হ’ব, কিয়নো এজন খ্ৰীষ্টান কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সময়ত দেশখনত আন এজন খ্ৰীষ্টান প্ৰধানমন্ত্ৰী থাকিব নোৱাৰিব।

আনহাতে, তদানীন্তন উপ-ৰাষ্ট্ৰপতি কৃষ্ণ কান্তে প্ৰাৰ্থীত্বৰ বাবে এন ডি এৰ আহ্বায়ক তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু অন্যান্য নেতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। ইফালে, নিজৰ দলৰ ভিতৰৰ পৰা এজন জ্যেষ্ঠ নেতাক এই পদৰ বাবে বাছনি কৰাৰ ইংগিত দি বিজেপিৰ ভিতৰত কন্ঠ বাঢ়িবলৈ ধৰিলে। বাজপেয়ীয়ে সকলোৰে কথা শুনিলে, কিন্তু তেওঁ কোনো মতামত নিদিলে। সমগ্ৰ বিৰোধীয়ে সক্ৰিয়ভাৱে অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণনক এন ডি এৰ প্ৰাৰ্থীৰ বিৰুদ্ধে থিয় কৰোৱাৰ প্ৰচেষ্টা চলাই আছিল, কিন্তু তেওঁ সেয়া নাকচ কৰে। নাৰায়ণনৰ চৰ্ত আছিল যে যদিহে তেওঁক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব পাৰে তেতিয়াহে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক হ’ব।

লেখকৰ মতে, বাজপেয়ীয়ে দলৰ ভিতৰৰ পৰা অহা মতামত একেমুখে খাৰিজ কৰি দিয়ে যে তেওঁ স্বয়ং ৰাষ্ট্ৰপতি হৈ ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা তথা প্ৰধানমন্ত্ৰীৰ পদ তেওঁৰ দুই নম্বৰ নেতা এল.কে. আদৱানীক এৰি দিব লাগে । ইয়াৰ বাবে বাজপেয়ী সাজু নাছিল। তেওঁ বিশ্বাস কৰিছিল যে সংখ্যাগৰিষ্ঠতাৰ বলত এজন জনপ্ৰিয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি হোৱাটো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহ’ব আৰু ই এক অতি ভুল নজিৰ গঢ়ি তুলিব, আৰু এনে পদক্ষেপক সমৰ্থন কৰা তেওঁ হ’ব শেষ ব্যক্তি।

বাজপেয়ীয়ে বিৰোধী কংগ্ৰেছ নেতাসকলক ৰাষ্ট্ৰপতি পদৰ মনোনয়ন সন্দৰ্ভত একমত গঢ়ি তুলিবলৈ আমন্ত্ৰণ জনায়। অশোক টেণ্ডনে লিখিছে, মোৰ মনত আছে ছোনিয়া গান্ধী, প্ৰণৱ মুখাৰ্জী আৰু ড° মনমোহন সিং তেওঁক লগ কৰিবলৈ আহিছিল। বাজপেয়ীয়ে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল যে এন ডি এয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ড° এ পি জে আব্দুল কালামক মনোনীত কৰাৰ সিদ্ধান্ত লৈছিল। এক মুহূৰ্তত মৌনতা অৱলম্বন হৈছিল। ইয়াৰ পিছত ছোনিয়া গান্ধীয়ে নিজৰ মৌনতা ভংগ কৰি কয়, আপোনাৰ নিৰ্বাচনত আমি স্তম্ভিত হৈছো। তেওঁক সমৰ্থন কৰাৰ বাহিৰে আমাৰ হাতত আন উপায় নাই, কিন্তু আমি আপোনাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত লম। বাকীবোৰ ইতিহাস হৈ পৰিল। সমাজবাদী পাৰ্টিৰ মুৰব্বী মুলায়ম সিং যাদৱে নিজৰ দলৰ সমৰ্থন ঘোষণা কৰি কয় যে ড° কালাম তেওঁৰ পছন্দ।

গ্ৰন্থখনত উল্লেখ আছে যে ড° আলেকজেণ্ডাৰে তেওঁৰ আত্মজীৱনীত ২০০২ চনত তেওঁক ৰাষ্ট্ৰপতি হ’বলৈ বাধা দিয়াৰ বাবে কেইবাজনো লোকক দোষাৰোপ কৰিছিল। কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুঁৱৰ নটৱৰ সিঙৰ মতে ড° আলেকজেণ্ডাৰে তেওঁক আৰু বাজপেয়ীৰ প্ৰধান সচিব তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব্ৰজেশ মিশ্ৰক ইয়াৰ বাবে দোষাৰোপ কৰিছিল। ড° কালামৰ নামটোৱে সকলোকে আচৰিত কৰি তুলিলে, কিয়নো তেওঁৰ নাম কেতিয়াও ৰাষ্ট্ৰপতি পদৰ দৌৰত নাছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande