ৰঙিয়াৰ বৃহৎ পৰিমাণৰ আফিং জব্দৰ ঘটনা
ৰঙিয়াৰ বৃহৎ পৰিমাণৰ আফিং জব্দৰ ঘটন।
ৰঙিয়াৰ বৃহৎ পৰিমাণৰ আফিং জব্দৰ ঘটনা


কামৰূপ, ১৫ ডিচেম্বৰ (হি.স.): ৰঙিয়াৰ বৃহৎ পৰিমাণৰ আফিং জব্দ কৰা হৈছে । ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। ৰঙিয়া থানাৰ কেচ নং ২৭৯/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ।

এই সন্দৰ্ভত এনডিপিএছ আইন (NDPS ACT) ৰ অধীনত সংযোজন কৰা হৈছে ধাৰা। এই সন্দৰ্ভত ১৭ (চি)/২৯ ধাৰা সংযোজন কৰা হৈছে ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে। লগতে ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছে ৰঙিয়া আৰক্ষীয়ে। এই গোচৰৰ তদন্তৰ দায়িত্বভাৰ কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক অভিষেক দাসক প্ৰদান কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande