
ইছলামাবাদ, ১৫ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ নৌসেনাই উত্তৰ আৰব সাগৰত পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰৰ সজীৱ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে।
সামৰিক বাহিনীৰ জনসংযোগ শাখা আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)য়ে কয় যে পাকিস্তানৰ নৌসেনাই পুনৰবাৰ যুদ্ধৰ ক্ষমতা আৰু যুদ্ধৰ বাবে প্ৰস্তুতি প্ৰদৰ্শন কৰিছে। আই এছ পি আৰৰ মতে দেওবাৰে এই পৰীক্ষা সম্পন্ন কৰা হৈছে। পাকিস্তান নৌসেনাৰ এফ এম-৯০(এন)ই আৰ ছাৰ্ফেচ টু এয়াৰ মিছাইলে ফলপ্ৰসূভাৱে লক্ষ্যত আঘাত কৰে।
জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি অভিযানৰ সময়ত কমাণ্ডাৰ পাকিস্তান ফ্লীটৰ ৰিয়াৰ এডমিৰেল আব্দুল মুনিব উপস্থিত আছিল। তেওঁ অভিযানত জড়িত বিষয়া-জোৱানসকলক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত পাকিস্তানে ফাটাহ-৪ ক্ৰুজ মিছাইল পৰীক্ষা কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ