
নগাঁও, ১৫ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ মাফিয়া। ৰূপহীহাটৰ বিভিন্ন অঞ্চলত সহজেই উপলব্ধ হৈছে ড্ৰাগছ । ৰূপহীহাট আৰক্ষী থানাৰ নিচেই কাষেদি সৰবৰাহ হয় নিষিদ্ধ ড্ৰাগছ। আৰক্ষীয়ে কঠোৰ হাতেৰে ড্ৰাগছ সৰবৰাহকাৰীক দমন নকৰিলে ড্ৰাগছৰ ঘাটিত পৰিণত হ'ব ৰূপহীহাট। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই। একেদিনাই তিনি স্থানত ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযান চলাই আৰক্ষীয়ে।ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ।
ৰূপহীহাট আৰক্ষীয়ে ৰূপহী তিনিআলি, গড়েমাটিখোৱা আৰু শিঙিমাৰীত কালি সন্ধিয়া অভিযান চলাই ড্ৰাগছসহ আটক কৰে তিনিজনকৈ সৰবৰাহকাৰীক। ৰূপহী তিনিআলিত হোজাইৰ শুকুৰ আলীৰ পৰা জব্দ ১৪ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ, গড়েমাটিখোৱাত মহখুলিৰ শ্বাহাব উদ্দীনৰ পৰা ৯ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ আৰু শিঙিমাৰীৰ বাহাৰুল ইছলামৰ পৰা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। জব্দ কৃত ড্ৰাগছখিনিৰ ওজন ১৪.৪৬ গ্ৰাম বুলি কোৱা হৈছে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ধৃত তিনি সৰবৰাহকাৰীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ